গুৱাহাটী,২৩ আগষ্ট:আই পি এলৰ পিছত আঘাতৰ বাবে দুমাহ ধৰি ক্ৰিকেটৰ পৰা আঁতৰত আছিল কেএল ৰাহুল । তাৰোপৰি সম্পূৰ্ণকৈ ফিট হোৱাৰ আগতেই তেওঁ ক'ভিডত আক্ৰান্ত হৈছিল। জিম্বাবুৱে ভ্ৰমণৰত জাতীয় দলৰ অধিনায়ক হিচাপে দললৈ উভতি অহাৰ পিছতো আশানুৰূপ নহ'ল ৰাহুলৰ ফলাফল ।
তৃতীয় তথা অন্তিমখন এদিনীয়া মেচত জয়ী হোৱাৰ পিছতে ৰাহুলে কয়, ‘মই ১২০ অভাৰ ফিল্ড কৰিছিলো। সেইবাবে বেটৰ সৈতে ক্ৰীজত কিছু সময় কটাব বিচাৰিছিলো। কিন্তু মই এতিয়াও সফল হোৱা নাই। আচলতে দুমাহৰ পিছত ক্ৰিকেটলৈ উভতি অহাৰ পিছত মই ভাগৰি পৰিছো। কিন্তু আমি সকলোৱে ভাৰতৰ হৈ ক্ৰিকেট খেলিব বিচাৰো। গতিকে মই সেই সুযোগটো হেৰুৱাব বিচৰা নাছিলো।"
ভাৰতীয় অধিনায়কগৰাকীয়ে শতৰাণ কৰা শুভমান গিলক যথেষ্ট প্ৰশংসা কৰে। তেওঁ লগতে ক'লে, "আই পি এলৰ পৰা গিলে বহুত ভাল বেটিং কৰি আহিছে । তেওঁৰ বেটিং চোৱাটো চকুৰ বাবে এক আনন্দৰ কথা। মই ইয়ালৈ আহিছিলো নতুন কিবা এটা কৰাৰ পৰিকল্পনা লৈ। খেলপথাৰত থকা সময়খিনি উপভোগ কৰিবলৈ মন গৈছিল। সেই উদ্দেশ্য পূৰণ হৈছে। আজিৰ মেচখন আগতেই শেষ হ’ব লাগিছিল। এইবাৰ প্ৰথমবাৰৰ বাবে বলাৰ সকলক পৰীক্ষা কৰা হৈছিল।"
Comments