চেলেংহাট ২৩ আগষ্টঃ শিক্ষাৰ সবলীকৰণৰ তথা সকলোৰে বাবে শিক্ষাৰ অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি ইউৰীকা এডুকেশ্যনেল ডেভেলপমেন্ট ৱেলফেয়াৰ ট্ৰাষ্ট (EUREKA EDUCATIONAL DEVELOPMENT WELFARE TRUST) নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সহায় হোৱাকৈ বিনামূলীয়া পাঠ্যপুথি আৰু শৈক্ষিক সামগ্ৰী যোগানৰ এক পদক্ষেপ গ্ৰহণ কৰিছে।
অনুষ্ঠানটোৱে প্ৰথম অৱস্থাত যোৰহাট জিলাৰ চেলেংহাট অঞ্চলৰ এশ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত অহা ২৯ আগষ্ট তাৰিখে বিনামূলীয়া পাঠ্যপুথি আৰু শৈক্ষিক সামগ্ৰী সমুহ বিতৰন কাৰ্যসূচী গ্ৰহণ কৰিছে।ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে https://surveyheart.com/form/62fa2eeba5ffb516b487b3f2 লিংকটোত গৈ ২৭ আগষ্ট তাৰিখৰ ভিতৰত আৱেদন কৰিব লাগিব। অধিক জানিবলৈ 6026550161 ম'বাইল নম্বৰত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছে ইউৰীকা এডুকেশ্যনেল ডেভেলপমেন্ট ৱেলফেয়াৰ ট্ৰাষ্টৰ অধ্যক্ষ অভিজিত চেতিয়াই।
Comments