Cartoon
View Older
গুৱাহাটী,২৫ আগষ্ট: উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ অধ্যক্ষ ড৹ বিমান চন্দ্ৰ চেতিয়াৰ নিলম্বন আৰু গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সমাজে ৷ অধ্যক্ষই মেছেঞ্জাৰত অশ্লীল বাৰ্তালাপ কৰাৰ অভিযোগ তুলি জিলা ছাত্ৰ সন্থাই কলেজখনৰ প্ৰৱেশদ্বাৰত তেওঁৰ পুত্তলিকা দাহ কৰে ৷
আনহাতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদেও কলেজখনৰ প্ৰৱেশদ্বাৰত অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ ঘটনা সন্দৰ্ভত অধ্যক্ষৰ নিলম্বনৰ লগতে গ্ৰেপ্তাৰৰ দাবী জনাইছে প্ৰতিবাদকাৰী ছাত্ৰ সমাজে। মহাবিদ্যালয়খনৰ পৰিস্থিতিৰ অৱনতিৰ প্ৰতি আশংকা কৰি প্ৰশাসনে আৰক্ষী, অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰিছে ৷
Comments