গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ আগষ্ট ঃ ৰাজ্যৰ বহুকেইখন বিদ্যালয় বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰখনে লোৱা সিদ্ধান্তক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সমালোচনা কৰাৰ পাছতেই আজি কেজৰিৱালক উভতি ধৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ এক টুইটযোগে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে কেজৰিৱালে কোনো ধৰণৰ অধ্যয়ন নকৰাকৈয়ে বিষয়টোৰ সন্দৰ্ভত মন্তব্য কৰিছে৷
ৰাজ্যৰ শিক্ষা মন্ত্ৰী হৈ থকা সময়ৰে পৰাই এতিয়ালৈকে অসমত কিমানখন বিদ্যালয় স্থাপন কৰিলে তাৰ পৰিসংখ্যা দাঙি ধৰি ড॰ শৰ্মাই লগতে কয় যে এই সময়ছোৱাত মুঠ ৮,৬১০খন বিদ্যালয় স্থাপন কৰা হৈছে৷ ২০১৩ চনৰ পৰা ৬,৮০২খন প্ৰাথমিক, ১,৫৮৯খন মাধ্যমিক বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হয়৷
একেদৰে ৩৮খন আদৰ্শ বিদ্যালয়, ৯৭খন চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়, ৮১খন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, তিনিখন নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছে৷ ইয়াৰ বিপৰীতে দিল্লী চৰকাৰে যোৱা সাত বছৰত কিমানখন বিদ্যালয় স্থাপন কৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীজনে৷
Comments