গুৱাহাটী,২৫ আগষ্ট:পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক সাময়িক সকাহ। ইছলামবাদৰ সন্ত্ৰাসবাদ বিৰোধী আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ১ ছেপ্টেম্বৰলৈকে গ্ৰেপ্তাৰৰ পৰা ৰেহাই প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে পাকিস্তান তেহৰিক-ই-ইনছাফৰ অধ্যক্ষ ইমৰাণ খানক ইছলামবাদ উচ্চ ন্যায়ালয়ে ২৫ আগষ্টলৈকে জামিন প্ৰদান কৰিছিল।
ইমৰাণ খানৰ অধিবক্তাসকলে সুৰক্ষাৰ সময়সীমা শেষ হোৱাৰ পূৰ্বেই ইছলামবাদৰ সন্ত্ৰাসবাদ বিৰোধী আদালতৰ কাষ চাপিছিল। তাত ন্যায়াধীশ ৰাজা জাৱাদ আব্বাছ হাছানে চৰ্তসাপেক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক গ্ৰেপ্তাৰৰ পূৰ্বে জামিন প্ৰদান কৰে।ইয়াৰ পূৰ্বে পাকিস্তানৰ গৃহ মন্ত্ৰী ৰানা ছানাউল্লাই দাবী কৰিছিল যে অহা ২৫ আগষ্টত সুৰক্ষাৰ সময়সীমা শেষ হোৱাৰ পিছতহে ইমৰানক গ্ৰেপ্তাৰ কৰা হ’ব। ইয়াৰ বাবে প্রধানমন্ত্রীৰ কার্যালয়ৰ পৰাও প্রয়োজনীয় অনুমতি গ্রহণ কৰা হৈছিল বুলিও তেওঁ কয়৷
Comments