গুৱাহাটী,২৬ আগষ্ট:হাৰিয়ানাৰ বিজেপি নেত্ৰী তথা জনপ্ৰিয় টিকটিক ষ্টাৰ সোণালী ফোগাটৰ মৃত্যুৰ নতুন মোৰ ৷ সোণালী ফোগাটৰ মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতেই ভাতৃ ৰিংকুৱে এই বিস্ফোৰক মন্তব্য কৰে ৷আমি সন্দেহ কৰা নাই, আমি নিশ্চিত যে ফোগাটৰ ব্যক্তিগত সহায়কে তাইৰ আহাৰত ড্ৰাগছ মিহলি কৰাৰ পিছত তাইক ধৰ্ষণ কৰিছিল ৷"
শেহতীয়াকৈ গোৱা চিকিৎসা মহাবিদ্যালয়ৰ ফ'ৰেনছিক মেডিচিন আৰু টক্সিক'লজী বিভাগৰ পৰা প্ৰকাশ হোৱা সোণালীৰ মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ধৰা পৰিছিল যে সোণালীৰ মৃত্যুৰ পূৰ্বে তেওঁৰ শৰীৰত কোনো লোকে বল প্ৰয়োগ কৰিছিল আৰু সেই চিন স্পষ্টকৈ প্ৰকাশ পাইছে ৷অৱশ্যে প্ৰথমে আৰক্ষীয়ে নেত্ৰীগৰাকী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক জনাইছিল যদিও পৰিয়ালৰ লোকৰ হেঁচাত আৰক্ষীয়ে সোণালী মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পিছতে ওলাই পৰে প্ৰকৃত সত্য ৷
উল্লেখ্য যে যোৱা ২৩ আগষ্টত গোৱাত ৪২ বছৰ বয়সতে মৃত্যুবৰণ কৰিছিল এই গৰাকী বিজেপি নেত্ৰীয়ে ৷ সোণালীক মঙলবাৰে পুৱা উত্তৰ গোৱাৰ অঞ্জুনাৰ ছেইণ্ট এন্থনী চিকিৎসালয়লৈ মৃত অৱস্থাত অনা হয় । ইফালে সোণালীৰ এই আকস্মিক মৃত্যুক সহজে মানি লব পৰা নাছিল পৰিয়ালৰ লোকে ৷ ইয়াৰ পিছতে ৰিংকু ঢাকাই গোৱা আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে যে তেওঁৰ ভগ্নীক তেওঁৰ ব্যক্তিগত সহায়ক সুধীৰ চাংৱান আৰু তেওঁৰ বন্ধু সুখৱিন্দৰে ধৰ্ষণ কৰি হত্যা কৰিছিল ৷ ভাতৃয়ে জনোৱা অনুসৰি ফোগাটে ২৩ আগষ্টত তেওঁৰ মৃত্যুৰ কেইঘণ্টামান পূৰ্বে মাতৃ, ভগ্নী আৰু ভাতৃৰ সৈতে ফোনত কথা পাতিছিল ৷ নেত্ৰীগৰাকীৰ গোৱা ভ্ৰমণৰ কোনো পৰিকল্পনা নাছিল আৰু ষড়যন্ত্ৰ অনুসৰি তেওঁক গোৱালৈ মাতি অনা হৈছিল ৷ হোটেলৰ দুটা কোঠা মাত্ৰ দুদিনৰ বাবে বুক কৰা হৈছিল । ইফালে এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ ২৪ আগষ্টত হোৱাৰ কথা আছিল, কিন্তু ২১ আৰু ২২ আগষ্ট তাৰিখৰ কাৰণেহে হোটেল বুক কৰা হৈছিল ৷
আনহাতে সোণালীৰ ১৫ বছৰীয়া কন্যা যশোধাৰাই তেওঁৰ মাতৃৰ মৃত্যুৰ বাবে ন্যায় বিচাৰিছে ৷ সোনালীয়ে হাৰিয়ানাৰ আদমপুৰ আসনৰ পৰা বিজেপি নেতা কুলদীপ বিষ্ণৈয়ৰ বিৰুদ্ধে যোৱা নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছিল, য’ত তেওঁ পৰাজয় বৰণ কৰিছিল । তেওঁ ২০২০ চনত ছলমান খানৰ আটাইতকৈ জনপ্ৰিয় বিতৰ্কিত টিভি ৰিয়েলিটী শ্ব’ বিগ বছৰ এজন প্ৰতিযোগী আছিল ।
Comments