গুৱাহাটী,২৬ আগষ্ট:অসমত একাংশ শিক্ষানুষ্ঠান বন্ধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰাক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এইবাৰ এই বিষয়টোক লৈ চচিয়েল মিডিয়াত তীব্ৰ বাকযুদ্ধত নামি পৰিছে দুখন ৰাজ্যৰ দুজনকৈ মুখ্যমন্ত্ৰী। অসমত বিদ্যালয়সমূহ বন্ধ কৰাক লৈ এতিয়া টুইটাৰত বাকযুদ্ধ চলিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।২৪ আগষ্টত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এটা টুইট কৰিছিল।টুইটত কেজৰিৱালে লিখিছিল, ‘‘স্কুল বন্ধ কৰা সমস্যাৰ সমাধান নহয়। আমি এতিয়া সমগ্ৰ দেশত বহু বিদ্যালয় খোলাৰ প্ৰয়োজন।স্কুল বন্ধ কৰাৰ সলনি স্কুলৰ সংস্কাৰ সাধন কৰক। ’ ’
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সমালোচনা কৰাৰ পাছতেই কেজৰিৱালক উভতি ধৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷এক টুইটযোগে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে কেজৰিৱালে কোনো ধৰণৰ অধ্যয়ন নকৰাকৈয়ে বিষয়টোৰ সন্দৰ্ভত মন্তব্য কৰিছে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেজৰিৱালৰ সেই টুইটৰ প্ৰত্যুত্তৰ দি লিখিছে, ‘‘শিক্ষা মন্ত্ৰী হিচাপে মোৰ দিনত এতিয়ালৈ মুঠ ৮,৬১০খন বিদ্যালয় স্থাপন কৰা হৈছে৷ ২০১৩ চনৰ পৰা ৬,৮০২খন প্ৰাথমিক, ১,৫৮৯খন মাধ্যমিক বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হয়৷ একেদৰে ৩৮খন আদৰ্শ বিদ্যালয়, ৯৭খন চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়, ৮১খন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, তিনিখন নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছে৷"ইয়াৰ বিপৰীতে দিল্লী চৰকাৰে যোৱা সাত বছৰত কিমানখন বিদ্যালয় স্থাপন কৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীজনে৷
ইয়াৰ পিছতে এইবাৰ ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা তুলনামূলক টুইটৰ হিন্দীত প্ৰত্যুত্তৰ দিছে অৰবিন্দ কেজৰিৱালে।অৰবিন্দ কেজৰিৱালে কয় “আপুনি বেয়াই পালে, মোৰ উদ্দেশ্যে আপোনাক বেয়াকৈ কোৱা নাছিল, আমি একেখন দেশতে থাকো।আমি এজনে আনজনৰ পৰা শিকিব লাগে।তেতিয়াহে ভাৰত নাম্বাৰ ৱান দেশ হ’ব।মই অসমলৈ যাম, কওক কেতিয়া যাব লাগে? মোক আপুনি শিক্ষাখণ্ডত কৰা ভাল কামবোৰ দেখুৱাব।আপুনি দিল্লীলৈ আহক, মই মোৰ ভাল কামবোৰ দেখুৱাম।"
Comments