Cartoon
View Older
গুৱাহাটী,২৭ আগষ্ট:পশ্চিমবংগৰ বাগদা সীমান্তত এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল দুজন বি এছ এফৰ জোৱান। বি এছ এফৰ ৬৮ নং বেটেলিয়নৰ এজন এ এছ আই আৰু এজন কনিষ্টবলক গ্ৰেপ্তাৰ কৰা হৈছে।
বৃহস্পতিবাৰে নিশায়ে দলবদ্ধ ধৰ্ষণৰ এজাহাৰ দাখিল কৰা হৈছিল । উত্তৰ ২৪ পৰগনাৰ বাগদা সীমান্তৰ জিতপুৰ বি অ’ পিৰ সমীপত দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে। তেওঁৰ অভিযোগৰ ভিত্তিত অৱশেষত গ্ৰেপ্তাৰ হ’ল দুয়োজন জোৱান।
Comments