গুৱাহাটী,২৭ আগষ্ট:আঘাতৰ পৰা ঘূৰি আহিছে নীৰজ চোপ্ৰা। ল’জান ডাইমণ্ড লীগত দুৰন্ত প্ৰদৰ্শন কৰি লাভ কৰিলে সোণৰ পদক। ইয়াৰ আগতে বিশ্ব চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক লাভ কৰিছিল । ইয়াৰ পিছতে তেওঁ আঘাতৰ বাবে কমনৱেলথ গেমছৰ পৰা আঁতৰি আহিছিল । ট্ৰেকলৈ ঘূৰি আহি ইতিহাস ৰচনা কৰিলে হাৰিয়ানাৰ খেলুৱৈগৰাকীয়ে ।
শুকুৰবাৰে ল’জানত নীৰাজে প্ৰথম প্ৰচেষ্টাত ৮৯.০৮ মিটাৰ জেভেলিন নিক্ষেপ কৰে। সেই নিক্ষেপটোৱে তেওঁক বাকীবোৰতকৈ বহু আগুৱাই লৈ যায়। দ্বিতীয় প্ৰচেষ্টাত তেওঁ ৮৫.০৮ মিটাৰ দূৰত্ব অতিক্ৰম কৰে । বাকীসকলতকৈ আগবাঢ়ি থকাৰ বাবে নীৰাজে তৃতীয় আৰু পঞ্চম থ্ৰ’ নিক্ষেপ কৰা নাছিল । তেওঁৰ চতুৰ্থটো থ্ৰ’ নাকচ কৰা হয় । তেওঁ ষষ্ঠ থ্ৰ’ত ৮০.০৪ মিটাৰ দূৰত্ব অতিক্ৰম কৰে ।
গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছে এই ডাইমণ্ড লীগত অংশগ্ৰহণ কৰা নাছিল। কিছুদিন পূৰ্বে কমনৱেলথ গেমছত ৯০ মিটাৰৰ ওপৰত জেভেলিনত সোণৰ পদক লাভ কৰা পাকিস্তানৰ আৰ্ছাদ নাদীমও নাছিল। শুকুৰবাৰে চেক গণৰাজ্যৰ জাকুব ভালডেচে নীৰজৰ পিছতে দ্বিতীয় স্থান দখল কৰে। তেওঁৰ সৰ্বোচ্চ দূৰত্ব ৮৫.৮৮ মিটাৰ। তৃতীয় স্থানত আছে আমেৰিকাৰ কাৰ্টিছ থম্পছনে ৮৩.৭২ মিটাৰ দূৰত্বত জেভেলিন নিক্ষেপ কৰে । প্ৰথম স্থান লাভ কৰি নীৰাজে অহা মাহত জুৰিখত অনুষ্ঠিত হ’বলগীয়া ডাইমণ্ড লীগৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰে। ইয়াৰ উপৰিও অহা বছৰৰ বিশ্ব চেম্পিয়নশ্বিপৰ টিকটও নিশ্চিত হৈছে।
Comments