গুৱাহাটী,২৭ আগষ্ট:ঘৰুৱা ক্ৰিকেটত এসময়ত নিজৰ আধিপত্য বিস্তাৰ কৰা সীতাংশু কোটকে এইবাৰ ভি ভি এছ লক্ষ্মণৰ স্থানত ভাৰতক দিবলৈ ওলাইছে প্ৰশিক্ষণ । নিউজিলেণ্ডৰ ‘এ’ দলৰ বিৰুদ্ধে ভাৰতৰ ‘এ’ দলৰ প্ৰশিক্ষক ৰূপে দায়িত্ব অৰ্পণ কৰা হৈছে সীতাংশু কোটকক । এছিয়া কাপত ভাৰতীয় দলৰ দায়িত্বত আছে লক্ষ্মণ । যিহেতু ৰাহুল দ্ৰাবিড় কৰ’নাত আক্ৰান্ত হৈ আছে, সেয়ে তেওঁৰ অনুপস্থিতিত সীতাংশু কোটকেক এই দায়িত্ব অৰ্পণ কৰা হৈছে ।
ইণ্ডিয়া 'এ'য়ে নিউজিলেণ্ড 'এ'ৰ বিৰুদ্ধে তিনিখন টেষ্ট আৰু তিনিখন এদিনীয়া খেল খেলিব। সেই দলৰ প্ৰশিক্ষক ষ্টাফত থাকিব প্ৰাক্তন লেগ স্পিনাৰ চাইৰাজ বহুতুলে। একাধিক প্ৰশিক্ষকক সাজু কৰি ৰাখিবলৈ চেষ্টা কৰিছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে। ইংলেণ্ডত দলটোৰ সৈতে ব্যস্ত থকাৰ সময়তে লক্ষ্মণে আয়াৰলেণ্ডত ভাৰতীয় দলটোৰ প্ৰশিক্ষক হিচাপে কাম কৰিছিল। সেই সময়ত সীতাংশু ভাৰতীয় দলৰ সহায়ক প্ৰশিক্ষক আছিল।নিউজিলেণ্ড দলৰ বিৰুদ্ধে ভাৰতীয় দলটোক নেতৃত্ব দিব প্ৰিয়ংক পাঞ্চালে। সেই দলত উইকেটৰক্ষক শ্ৰীকাৰ ভাৰত। তাৰ লগতে ৰুতুৰাজ গাইকোৱাদ, উমৰাণ মালিককো সুযোগ দিয়া হৈছে। বংগৰ পৰা এই দলটোত আছে অভিমন্যু ইশ্বৰন আৰু মুকেশ কুমাৰ।
Comments