গুৱাহাটী,২৬ আগষ্ট:প্ৰবীণ নেতা গুলাম নবী আজাদে ৰাহুল গান্ধীক দোষাৰোপ কৰি কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে। শুকুৰবাৰে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত ক্ষোভ প্ৰকাশ কৰে গুলামে। তেওঁ লিখিছে, "দেশৰ বাবে ভাল কাম কৰাত কংগ্ৰেছ ব্যৰ্থ হৈছে।"
পাঁচ পৃষ্ঠাৰ পদত্যাগ পত্ৰখনত গুলাম নবী আজাদে লগতে লিখিছে, ‘সমগ্ৰ সাংগঠনিক নিৰ্বাচন প্ৰক্ৰিয়াটো এক প্ৰহসন। দেশৰ ক'তো সংগঠনটোৰ কোনো স্তৰতে নিৰ্বাচন হোৱা নাই।'' তাৰ পিছত প্ৰবীণ নেতাগৰাকীয়ে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক লক্ষ্য কৰি লিখিছিল, 'যোৱা আঠ বছৰ নেতৃত্ব দিয়া ব্যক্তিজন এজন অপৰিপক্ক ব্যক্তি আছিল, তেওঁৰ বাবেই এই সকলোবোৰ বিপৰ্যয় ঘটিছিল।"
ৰাহুলক লক্ষ্য কৰি গুলামে আজাদে লগতে লিখিছে, ‘অপৰিপক্কতাৰ অন্যতম চকুত পৰা উদাহৰণ হ’ল ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমৰ সন্মুখত চৰকাৰী অধ্যাদেশ ফালি পেলোৱাটো । এনে শিশুসুলভ আচৰণে প্ৰধানমন্ত্ৰী আৰু ভাৰত চৰকাৰৰ ভাবমূৰ্তি কলংকিত কৰিছে । ২০১৪ চনৰ নিৰ্বাচনত ইউ পি এ চৰকাৰৰ পৰাজয়ৰ আঁৰত এয়া অন্যতম অৱদান।গুলাম নবীয়ে পদত্যাগ পত্ৰত কংগ্ৰেছৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কক আলোকপাত কৰাৰ দৰেই তেওঁ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে ‘ঘনিষ্ঠ সম্পৰ্ক’ৰ বিষয়টোও উল্লেখ কৰে।
Comments