গুৱাহাটী,২৬ আগষ্ট:কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই শুকুৰবাৰে দলৰ জ্যেষ্ঠ নেতা গুলাম নবী আজাদে দলৰ সকলো পদৰ পৰা পদত্যাগ কৰাৰ পিছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁৰ পদত্যাগৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ৰাষ্ট্ৰীয় মুখপাত্ৰ জয়ৰাম ৰমেশে কয়, ‘এয়া দুৰ্ভাগ্যজনক,দুখৰ বিষয় যে যেতিয়া সংগঠনটোৱে মূল্যবৃদ্ধি, নিবনুৱা সমস্যাৰ লগতে অন্যান্য বিষয়ত বিজেপিৰ বিৰুদ্ধে যুঁজ দি আছে।তেতিয়াই এনেধৰনৰ দুখজনক বাতৰি দলে শুনিবলৈ পাইছে । গুলাম নবী আজাদৰ পত্ৰৰ বিষয়বস্তু বাস্তৱিক নহয় ।"
স্মৰ্তব্য যে প্ৰবীণ নেতা গুলাম নবী আজাদে ৰাহুল গান্ধীক দোষাৰোপ কৰি আজি কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে। শুকুৰবাৰে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত ক্ষোভ প্ৰকাশ কৰে গুলামে। তেওঁ লিখিছে, "দেশৰ বাবে ভাল কাম কৰাত কংগ্ৰেছ ব্যৰ্থ হৈছে।"
Comments