গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ আগষ্ট ঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল অসমলৈ আহিব বিচাৰিলে আহিব পাৰে৷ কিন্তু মই তেওঁক গামোচা পিন্ধাই নামাতোঁ৷– এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ অসম চৰকাৰে চৰকাৰী বিদ্যালয় বন্ধ কৰাক লৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ মাজত টুইটাৰত চলি থকা বাক্যুদ্ধখন শেহতীয়াকৈ তুংগত উঠিছে৷ দুয়োজন মুখ্যমন্ত্ৰীয়ে ইজনে সিজনক আক্ৰমণ কৰি তীব্ৰ বাক্যবাণ নিক্ষেপ কৰি থকাৰ সময়তে আজি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে কেজৰিৱাল অসমলৈ আহিব খুজিছে আহিব পাৰে৷ ইতিমধ্যে মই আদালতৰ জৰিয়তে মনীষ শিশোদিয়াক অসমলৈ মাতিছোঁৱেই৷
মুখ্যমন্ত্ৰী কেজৰিৱালে বিমানৰ টিকট এটা কাটিব লাগে আৰু আহিব লাগে৷ কিন্তু মই তেওঁক গামোচা দি কিয় মাতিব লাগে বুলিও প্ৰশ্ন তোলে ড॰ শৰ্মাই৷ আনহাতে অসমৰ কথা দিল্লী বিধানসভাত উত্থাপন হোৱা বিষয়টো উল্লেখ কৰি ড॰ শৰ্মাই কয় যে এয়াটো আমাৰ বাবে এক ডাঙৰ কথা৷ আগতে আমাৰ গাঁওসভাতো উল্লেখ নহৈছিল৷ অৰবিন্দ কেজৰিৱাল হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বাৰানসীত নিৰ্বাচন খেলা এজন ৰাজনৈতিক নেতা৷ তেওঁ যদি মোৰ পৰ্যায়লৈ নামি আহে৷ এয়াটো মোৰ বাবে এক গৌৰৱৰ কথা৷
ইফালে দিল্লীৰ মুখ্যমন্ত্ৰীজনে আজি টুইটাৰত পুনৰ অসমলৈ আহিবৰ বাবে ইচ্ছা ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাক উদ্দেশ্য কৰি কয় যে আপুনি মোৰ প্ৰশ্নৰ উত্তৰ দিয়া নাই৷ আপোনালোকৰ চৰকাৰী বিদ্যালয় চাবলৈ মই কেতিয়া যাম? যদিহে বিদ্যালয়সমূহৰ অৱস্থা ঠিক নহয় তেনেহ’লেও কোনো কথা নাই৷ আমি মিলিজুলি ঠিক কৰিম৷ ইফালে মুখ্যমন্ত্ৰী ড॰ শৰ্মায়ো টুইটাৰত কেজৰিৱালক প্ৰত্যুত্তৰ দি কয় যে আপুনি দিল্লীক লণ্ডন, পেৰিছৰ দৰে গঢ়াৰ প্ৰতিশ্ৰুতি দি মুখ্যমন্ত্ৰী হৈছিল৷ এই কথা নি(য় আপোনাৰ মনত আছে৷
এতিয়া একো কৰিব নোৱাৰি দিল্লীক অসম, উত্তৰ-পূবৰ সৈতে তুলনা কৰিছে বুলি উল্লেখ কৰি ড॰ শৰ্মাই লগতে কয় যে দিল্লীৰ শাসন বিজেপিৰ হাতলৈ আহিলে দিল্লীক বিশ্বৰ এখন সমৃদ্ধিশালী চহৰ হিচাপে গঢ়ি তুলিব৷ আনহাতে অসমত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কেজৰিৱালৰ অসমলৈ অহাৰ বাবে কিয় ইচ্ছা হোৱা নাছিল বুলিও প্ৰশ্ন তোলে মুখ্যমন্ত্ৰী শৰ্মাই৷ উল্লেখযোগ্য যে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত যোৱা কেইবাদিনো ধৰি চলি থকা এই বাক্যুদ্ধক লৈ এতিয়া দেশৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে৷
Comments