নতুন দিল্লী, ৩০ আগষ্ট ঃ সমাজকৰ্মৰ্ী আন্না হাজাৰেই মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ প্ৰেৰণ কৰা এখন পত্ৰত তেওঁৰ চৰকাৰ নতুন আবকাৰী নীতিৰ সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰীজন যেন ‘ক্ষমতাৰ নিচাত ডুব গ’ল৷’ হাজাৰেই আৰু কয় যে নতুন নীতিয়ে সুৰা বিক্ৰী আৰু সুৰাপানত প্ৰেৰণা যোগাব তথা দুৰ্নীতি বৃদ্ধি কৰিব৷
উল্লেখযোগ্য যে দিল্লীৰ আবকাৰী নীতি কাৰ্যকৰীকৰণত হোৱা অনিয়মৰ সন্দৰ্ভত দিল্লীৰ উপ-ৰাজ্যপাল ভি কে সিন্হাই চি বি আইৰ তদন্তত অনুমোদন জনাইছিল৷ নিজৰ গাঁও মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ ৰালেগাঁও সিদ্ধিত সুৰাৰ সম্পূৰ্ণ নিষিদ্ধকৰণৰ উদাহৰণ দি প্ৰাক্তন সহযোগী কেজৰিৱালৰ কিতাপ ‘স্বৰাজ’ত সুৰা বন্ধৰ সপক্ষে কোৱা কথালৈ দিল্লীৰ মুখ্যমন্ত্ৰীজনক মনত পেলাই দিয়ে৷
উক্ত কিতাপখনৰ পাতনি লিখা সমাজকৰ্মীজনে কয় যে কেজৰিৱাল মুখ্যমন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰলৈ তেওঁলৈ চিঠি লিখিছে আৰু দিল্লী চৰকাৰৰ নতুন আবকাৰী নীতিৰ বিষয়ে বাতৰিবোৰ পঢ়ি তেওঁ দুখ পাইছে৷ আন্না হাজাৰেই কেজৰিৱাললৈ লিখে, ‘আপুনি কিতাপখনত বহু আদৰ্শবাদী কথা লিখিছে৷ সকলোৱে আপোনাৰ পৰা আশা কৰিছিল৷
কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ পাছত আপুনি আদৰ্শ পাহৰি গ’ল আৰু সেয়ে দিল্লী চৰকাৰে এক নতুন আবকাৰী নীতি ৰচনা কৰিলে৷’ তেওঁ কয়, ‘এই নীতিয়ে দুৰ্নীতি বৃদ্ধি কৰিব আৰু এয়া জনতাৰ স্বাৰ্থত নহয়৷ তথাপি আপুনি নতুন আবকাৰী নীতি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত ল’লে৷ সুৰাৰ নিচাৰ দৰে, ক্ষমতাৰ নিচাও থাকে আৰু এনে লাগে যেন আপুনি এনে নিচাত ডুব গৈছে৷’
তেওঁ আৰু কয় যে উক্ত নীতিয়ে দেখুৱায় যে এটা ঐতিহাসিক আন্দোলনৰ ক্ষতি কৰি যি দল গঠন হ’ল, সেই দল এতিয়া অন্য দলবোৰৰ পথেৰেই আগবাঢ়িছে, যিটো যাতনাদায়ক৷ উল্লেখযোগ্য যে লোকপাল নিয়োগৰ দাবী জনাই ২০১১ চনত হোৱা উৎকোচ বিৰোধী আন্দোলনৰ নেতৃত্বত আছিল হাজাৰে আৰু কেজৰিৱাল৷
সমাজকৰ্মীজনে কয় যে মুখ্যমন্ত্ৰী হোৱাৰ পাছত কেজৰিৱালে লোকপাল আৰু লোকায়ুক্তৰ কথা পাহৰিলে৷ ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে অভিযোগ কৰে যে আবকাৰী নীতিৰ অনিয়মৰ তদন্ত চি বি আইৰ দ্বাৰা একো উদ্ধাৰ কৰিব নোৱাৰি বিজেপিয়ে এতিয়া সমাজকৰ্মীজনক ব্যৱহাৰ কৰিছে৷
Comments