গুৱাহাটী,৩০ আগষ্ট:পাকিস্তানৰ ভয়াৱহ বান পৰিস্থিতিক লৈ প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বিবৃতি প্ৰদান কৰে। চুবুৰীয়া দেশখনত সংঘটিত হোৱা প্ৰাকৃতিক দুৰ্যোগক লৈ তেওঁ টুইট কৰি দুখ প্ৰকাশ কৰে। লগতে, তেওঁ প্ৰাৰ্থনা কৰে, চুবুৰীয়া দেশখনৰ জনজীৱন অতি সোনকালে স্বাভাৱিক হওঁক। কিন্তু পাকিস্তানক দিয়া সাহায্য সন্দৰ্ভত কোনো ঘোষণা নকৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
বান বিধ্বস্ত পাকিস্তানে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় সহায়ৰ বাবে অনুৰোধ জনাইছে। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি পাকিস্তানক সহায় কৰাৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ আলোচনা আৰম্ভ হৈছে। অৱশ্যে এই সাহায্য প্ৰক্ৰিয়া সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। কিন্তু অৱশেষত যদি কেন্দ্ৰই এই সন্দৰ্ভত ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰে, তেন্তে ২০১৪ চনত মোদী চৰকাৰ শাসনলৈ অহাৰ পাছত ই হ’ব পাকিস্তানৰ বাবে প্ৰাথমিক আৰু গুৰুত্বপূৰ্ণ সাহায্য।
সোমবাৰে নিশা টুইটাৰযোগে মোদীয়ে কয়, "পাকিস্তানত বানপানীৰ ফলত হোৱা বিধ্বংসী ৰূপ দেখি মই অতি দুখ পাইছো। এই স্বাভাৱিক দুৰ্যোগৰ ফলত ভুক্তভোগী, আহত আৰু সকলো ক্ষতিগ্ৰস্ত সকলৰ পৰিয়ালবৰ্গলৈ আমি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। আশাকৰোঁ শীঘ্ৰেই পৰিস্থিতি স্বাভাৱিক হৈ পৰিব।পাকিস্তানত হোৱা বানপানীত এতিয়ালৈকে প্ৰায় ১১০০ লোকৰ প্ৰাণহানি হৈছে। তিনি কোটিৰো অধিক লোক গৃহহীন হৈছে । এনে অৱস্থাত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আন্তঃৰাষ্ট্ৰীয় সমাজৰ পৰা সহায় বিচাৰি প্ৰাৰ্থনা কৰিছে ।"
Comments