গুৱাহাটী,৩০ আগষ্ট:ব্লুমবাৰ্গ বিলিয়নাৰ্ছ ইনডেক্সৰ মতে ফ্ৰান্সৰ বাৰ্নাৰ্ড আৰ্ন’ল্টক অতিক্ৰম কৰি আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি এতিয়া বিশ্বৰ তৃতীয় ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে । মুঠ ১৩৭.৪ বিলিয়ন মাৰ্কিন ডলাৰৰ সম্পত্তিৰে ৬০ বছৰীয়া আদানিয়ে লুই ভিটনৰ অধ্যক্ষ আৰ্ন’ল্টৰ সম্পদক অতিক্ৰম কৰি এতিয়া ব্যৱসায়িক প্ৰতিষ্ঠান এলন মাস্ক আৰু জেফ বেজ’ছৰ পৰা ৰেংকিঙত মাত্ৰ পিছ পৰি আছে।
শেহতীয়াভাৱে প্ৰকাশিত ব্লুমবাৰ্গ বিলিয়নাৰছ ইনডেক্সত ৰিলায়েন্সৰ মুৰব্বী মুকেশ আম্বানী মুঠ ৯১.৯ বিলিয়ন মাৰ্কিন ডলাৰৰ মূল্যৰে ১১ নম্বৰ স্থানত আছে । ব্লুমবাৰ্গ বিলিয়নাৰ্ছ ইনডেক্সৰ শীৰ্ষ তিনিটা স্থানত এই প্ৰথমবাৰৰ বাবে এজন এছিয়ান ব্যক্তিয়ে স্থান লাভ কৰিছে । এই সূচকাংকটো হৈছে বিশ্বৰ আটাইতকৈ ধনী লোকসকলৰ দৈনিক ৰেংকিং । গণনাৰ বিষয়ে সবিশেষ প্ৰতিজন বিলিয়নাৰৰ প্ৰফাইল পেজত নেট ৱৰ্থ বিশ্লেষণত দিয়া হৈছে । নিউয়ৰ্কত প্ৰতিটো ট্ৰেডিং ডে’ৰ শেষত এই পৰিসংখ্যা আপডেট কৰা হয় ।এলন মাস্ক আৰু জেফ বেজ’ছৰ সম্পত্তি বৰ্তমান ক্ৰমে ২৫১ বিলিয়ন আৰু ১৫৩ বিলিয়ন মাৰ্কিন ডলাৰ । আদানি এজন প্ৰথম প্ৰজন্মৰ উদ্যোগী আৰু আদানি গ্ৰুপত শক্তি, বন্দৰ আৰু লজিষ্টিক, খনন আৰু সম্পদ, গেছ, প্ৰতিৰক্ষা আৰু মহাকাশ আৰু বিমানবন্দৰ আদি ব্যৱসায়ৰ সৈতে ৭ টা ৰাজহুৱাভাৱে তালিকাভুক্ত ক্ষেত্ৰ আছে । ইয়াৰ প্ৰতিটো ব্যৱসায়িক ক্ষেত্ৰতে গ্ৰুপটোৱে ভাৰতত নেতৃত্বৰ স্থান প্ৰতিষ্ঠা কৰিছে । আদানী গ্ৰুপ হৈছে ভাৰতৰ তৃতীয় বৃহত্তম ব্যৱসায়িক সংস্থা ।
Comments