গুৱাহাটী,৩০ আগষ্ট:অক্ষয় কুমাৰ, যশ, আল্লু অৰ্জুনৰ পিছত কাৰ্তিক আৰ্যন আঁতৰি আহিল পানমছলা বিজ্ঞাপন কৰাৰ পৰা । ৯ কোটি টকাৰ পানমছলা বিজ্ঞাপন প্ৰস্তাৱ ঘূৰাই দিলে জনপ্ৰিয় অভিনেতা গৰাকীয়ে । পান মছলাৰ বিজ্ঞাপনৰ বাবে অভিনেতা গৰাকীক ৮-৯ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছিল। অফাৰ পোৱাৰ লগে লগে তেওঁ সেয়া কৰাটো তেওঁৰ বাবে ‘অসম্ভৱ’ বুলি ক’লে ।
ইমান বৃহৎ পৰিমাণৰ অফাৰ এটা বাদ দিয়াৰ পিছত সৰ্বত্ৰে চৰ্চিত হৈছে কাৰ্তিকৰ নাম । নায়কজনে নিজৰ নীতিৰ বিৰুদ্ধে গৈ গুঠকা কোম্পানীৰ সৈতে কাম কৰিবলৈ ইচ্ছুক নহয়। কিন্তু এইটো প্ৰথম নহয়, কাৰ্তিকৰ আগত এনে কোটি টকা অস্বীকাৰ কৰিছে আল্লু অৰ্জুনে। ধঁপাতজাত সামগ্ৰীৰ প্ৰচাৰৰ বিনিময়ত তেওঁক ১০ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু দক্ষিণৰ জনপ্ৰিয় অভিনেতা গৰাকীয়ে লগে লগে সেয়া ঘূৰাই দিলে।ইয়াৰ পূৰ্বে অক্ষয় কুমাৰে পান মছলাৰ বিজ্ঞাপনত অভিনয় কৰাৰ বাবে জনক্ষোভৰ সন্মুখীন হৈছিল। যাৰ বাবে নায়কে ক্ষমা খুজিবলৈ বাধ্য হৈছিল আৰু প্ৰতিশ্ৰুতি দিছিল যে তেওঁ পুনৰ ধঁপাত সামগ্ৰীৰ বিজ্ঞাপনৰ পৰা দূৰত থাকিব ।
Comments