Cartoon
View Older
গুৱাহাটী,৩১ আগষ্ট : উত্তৰ-পূব সীমান্ত ৰে'লৱেই অনাগত উৎসৱৰ বতৰত দার্জিলিং হিমালয়ান ৰে'লৱেৰ (ডিএইচআৰ) টয় ট্রেন সেৱাৰ ভিতৰত চাৰিখন নতুন বিশেষ ৰে'ল সেৱাৰ পৰিচালনা কৰাৰ সিদ্ধান্ত লৈছে। আগন্তুক উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি দার্জিলিং আৰু ঘুমৰ মাজত দৈনিক ১ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈ উভয় দিশত এই জয় ৰাইড ৰেল সেৱা চলাচল কৰিব ।
এই সমস্ত জয় ৰাইড বিশেষ ৰে'লসমূহ ৩ খন প্ৰথম শ্ৰেণীৰ চেয়াৰ কাৰৰ গঠনেৰে চলাচল কৰিব। প্ৰতিখন প্রথম শ্ৰেণীৰ চেয়াৰ কাৰ ডবাত ৩০খনকৈ আসন থাকিব। এই ৰে'লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত আৰু এনটিই এছৰ জৰিয়তে উপলব্ধ আছে আৰু বিভিন্ন বাতৰি কাকত, উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফর্মতো ইয়াৰ বিষয়ে বিস্তৃত ভাৱে প্রকাশ কৰা হৈছে।
Comments