গুৱাহাটী,৩১ আগষ্ট:ভাৰতৰ বিৰুদ্ধে খেলৰ পূৰ্বে আত্মবিশ্বাসী হংকঙৰ অধিনায়ক নিজাকাত খান।তেওঁ হংকঙৰ অধিনায়ক হ'লেও বিৰাট ক'হলীৰ এজন ডাঙৰ অনুৰাগী । খেলৰ পূৰ্বে তেওঁ কোহলীৰ বেটেৰে ৰান অহাৰ কামনা কৰিছে । এছিয়া কাপত হংকঙৰ প্ৰথম প্ৰতিদ্বন্দ্বী হ’ল ভাৰত। বুধবাৰে দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব হাইভল্টেজ মেচ । হংকঙৰ ক্ৰিকেটাৰ কাৰিকৰী ভাৱে ভাৰততকৈ দুৰ্বল হ’লেও জয়ৰ বাবে যুঁজ দিব। নিজাকাট খানে এই গুৰুত্বপুৰ্ণ খেলখনৰ পূৰ্বে কয় যে,‘মই ক'হলীৰ ডাঙৰ অনুৰাগী। পাকিস্তানৰ বিৰুদ্ধে ক'হলীয়ে ভাল খেলিছিল। আমি সঁচাকৈয়ে বিচাৰো যে ক'হলীয়ে পুনৰ নিজৰ ফৰ্মলৈ উভতি আহে ।'
২০১৮ চনতো ভাৰত আৰু হংকঙৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল। সেই অভিজ্ঞতা সন্দৰ্ভত নিজাকাটে কৈছিল, “ ২০১৮ চনত আমি ভাৰতৰ হাতত মাত্ৰ ২০ ৰাণত পৰাস্ত হৈছিলো। টি-২০ মেচত যিকোনো কথাই হ’ব পাৰে। যিকোনো ফলাফল হ’ব পাৰে। এজন বলাৰে হঠাতে এটা ভাল প্ৰদৰ্শন কৰিব পাৰে। অথবা বেটছমেনে কেইটামান অভাৰত অতি আক্ৰমণাত্মকভাৱে বেটিং কৰিব পাৰে ।''
হংকঙৰ অধিনায়কগৰাকীৰ মতে, এই প্ৰতিযোগিতাত তেওঁলোকে হেৰুৱাবলগীয়া একো নাই। ভাল ক্ৰিকেট খেলাটোৱেই তেওঁলোকৰ প্ৰধান লক্ষ্য। তেওঁ লগতে কয়, “পূৰ্বতে আমি কেইবাটাও শীৰ্ষ মানৰ দলে সহযোগী সদস্য দেশৰ হাতত পৰাস্ত হোৱা দেখিছো। গতিকে মই ইতিবাচক মানসিকতাৰে ক্ষেত্ৰখনত প্ৰৱেশ কৰিম। "
Comments