Cartoon
View Older
গুৱাহাটী,৩১ আগষ্ট : মানিক সাহাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লবলৈ ৰাজ্যসভাৰ সাংসদপদৰ পৰা পদত্যাগ কৰাৰ পিছতেই খালী হৈ পৰিছিল ত্ৰিপুৰাৰ ৰাজ্যসভাৰ এখন আসন । ৪ জুলাইত নতুন দিল্লীত পদত্যাগ পত্ৰ প্ৰদান কৰে ড৹ মাণিক সাহাই । সেইখন আসন পূৰাবৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে ।
উক্ত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হ'ব ৫ ছেপ্তেম্বৰ তাৰিখে । ইফালে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ১২ ছেপ্তেম্বৰ । ১৩ ছেপ্তেম্বৰত মনোনয়ন পৰীক্ষা কৰাৰ বিপৰীতে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৫ ছেপ্তেম্বৰ নিৰ্ধাৰণ কৰা হয় । ২২ ছেপ্তেম্বৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ।
Comments