Cartoon
View Older
গুৱাহাটী,১ ছেপ্টেম্বৰ:জোনাই গণহত্যা কাণ্ডত সোপাধৰাৰ সন্দেহত ৰাইজে খেদি খেদি প্ৰহাৰ কৰি হত্যা কৰিলে এজন লোকক । জোনাইৰ এই গণহত্যাৰ ঘটনাক লৈ সম্প্ৰতি দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । ইতিমধ্যে চিনাক্ত হৈছে গণ প্ৰহাৰত মৃত্যু হোৱা লোকজন মৃত লোকজন ধেমাজিৰ গোগামুখৰ চেতিয়া গাঁৱৰ গোলাপ বৰুৱা ।
৩২ বছৰীয়া গোলাপ বৰুৱা আছিল মানসিক ভাৱে বিকাৰগ্ৰস্ত লোক । এই ঘটনাক লৈ ধেমাজি আৰক্ষীয়ে চলাইছে এক অনুসন্ধান। উল্লেখযোগ্য যে, বুধবাৰে নিশা সংঘটিত হৈছিল গণহত্যাৰ এই অমানৱীয় ঘটনা য'ত এটি কেঁচুৱাক মাকৰ কোলাৰ পৰা কাঢ়ি নিয়াৰ অভিযোগ তুলি গাঁওবাসীয়ে প্ৰহাৰ কৰি কৰি হত্যা কৰিছিল লোকজনক ।
Comments