গুৱাহাটী,২ ছেপ্টেম্বৰ:চুৰি কাণ্ডত আৰক্ষীয়ে সন্দেহ কৰিছে খোদ আৰক্ষীক ! ৰাজস্থানৰ এখন থানাৰ পৰা ১১ লাখ টকাৰো অধিক মূল্যৰ গহনা আৰু নগদ ধন চুৰি কৰাৰ অভিযোগত অভিযুক্ত হৈছে এজন আৰক্ষী । থানাৰ আলমাৰীৰ পৰা চুৰি কৰাৰ গোচৰত দাখিল কৰা হৈছে তেওঁৰ বিৰুদ্ধে এফআইআৰ । যোৱা জুলাই মাহত ৰামকৰণ নগৰ নামৰ এজন উপ-পৰিদৰ্শকে গুমনপুৰা থানাৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। প্ৰয়াত পত্নীৰ গহনা আৰু নগদ ধন থানাৰ আলমাৰীত ৰাখিছিল। আলমাৰী ৰখা কোঠাটোত সদায় আৰক্ষীয়ে পহৰা দিয়ে। তাৰ মাজতেই সংঘটিত হৈছিল এই ঘটনা ।
১৬ জুলাইত তেওঁ থানাৰ আলমাৰী খুলি দেখে যে নগদ ধন আৰু গহনা নোহোৱা হৈছে। ইয়াৰ পিছতে তেওঁ থানাত এজাহাৰ দাখিল কৰে। চাৰ্জ শ্বীটত তেওঁ সেই আলমাৰীত ৯.৮৫ লাখ টকাৰ গহনা আৰু নগদ ১.৫০ লাখ টকা ৰখা বুলি উল্লেখ কৰিছে। কোঠাটোত পহৰা দি থকা আৰক্ষীৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰে প্ৰাক্তন উপ-পৰিদৰ্শকগৰাকীয়ে। অভিযোগকাৰীয়ে দাবী কৰে যে তেওঁৰ অভিযোগ প্ৰথম অৱস্থাত আওকাণ কৰা হৈছিল সেইবাবে এতিয়ালৈকে কোনোধৰণৰ ব্যৱস্থা হাতত লোৱা নাই ।অৱশ্যে বাতৰিত প্ৰকাশ হোৱাৰ পিছতে অভিযোগ লাভ কৰাত পলম হোৱা নাই বুলি দাবী কৰিছে ডি এছ পি অংকিত জৈনে। তেওঁ কয়, "দুদিন পূৰ্বে বিষয়টো আমাৰ দৃষ্টিগোচৰ হৈছিল। যোৱা বুধবাৰে নিশা এজাহাৰ দাখিল কৰা হৈছিল। "
Comments