গুৱাহাটী,১ ছেপ্টেম্বৰ:মুম্বাইত এখন ৰেষ্টুৰেণ্ট খুলিবলৈ ওলাইছে বিৰাট ক'হলীয়ে। ইয়াৰ বাবে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে জুহুত থকা কিশোৰ কুমাৰৰ বাংলোৰ এটা অংশ লিজত লৈছে। ৰেষ্টুৰেণ্টখনৰ কাম পূৰ্ণগতিত চলি আছে। ক'হলীয়ে খুব সোনকালে সেই ৰেষ্টুৰেণ্টখন জনতাৰ বাবে মুকলি কৰি দিব ।
কিশোৰৰ ডাঙৰ পুত্ৰ অমিত কুমাৰে কয় যে ক'হলীৰ সৈতে তেওঁলোকৰ আলোচনা কিছু মাহ পূৰ্বে আৰম্ভ হৈছিল। অমিতৰ পুত্ৰ সুমিতে ক'হলীক লগ পাই নিজৰ ইচ্ছাৰ কথা কৈছিল । জুহুৰ কিশোৰৰ বাংলোটো কোহলীৰো ভাল লাগিল। সেয়ে অতি সোনকালেই সেয়া সম্পুৰ্ণ হৈ পৰিল। ইয়াৰ পিছত ৰেষ্টুৰেণ্টখনৰ কাম ক'হলীয়ে আৰম্ভ কৰিলে। এই ৰেষ্টুৰেণ্টখনে বাংলোটোৰ এটা মহলাৰ বৃহৎ অংশ সামৰি ল’ব। অমিতে লগতে কয় যে ক'হলীয়ে বাংলোটোৰ সেই অংশটো পাঁচ বছৰৰ বাবে লিজত লৈছে।
এইখন অৱশ্যে ক'হলীৰ প্ৰথম ৰেষ্টুৰেণ্ট নহয়। ইয়াৰ পূৰ্বে ২০১৭ চনত ক'হলীয়ে নতুন দিল্লীৰ আৰ কে পুৰম অঞ্চলত এখন ৰেষ্টুৰেণ্ট খুলিছিল। দেশত থাকিলে ক'হলীয়ে পত্নী অনুষ্কা শৰ্মাক লৈ যায় তালৈ। এইবাৰ তেওঁ আন এখন ৰেষ্টুৰেণ্ট খুলিবলৈ ওলাইছে।
Comments