গুৱাহাটী, ৭ অক্টোবৰ:মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত শুকুৰৰবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু জয়ন্ত মল্ল বৰুৱাই ।কেবিনেটত শিক্ষা সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
আজিৰ কেবিনেটত প্ৰতিমা পাণ্ডে বৰুৱাৰ বাসগৃহটো সংৰক্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লয় । অসম চৰকাৰে প্ৰতিমা পাণ্ডে বৰুৱাৰ ১২ বিঘা ৩ কঠা ১৮ লেচা মাটিৰে সৈতে থকা 'হাৱাখানা' বুলি খ্যাত ঘৰটো পৰিয়ালৰ পৰা ১৫ কোটি টকাৰে ক্ৰয় কৰিব । য'ত এটা লাইভ মিউজিয়াম গঢ়ি তোলা হ'ব আৰু পৰ্যটন ক্ষেত্ৰ হ'ব । বাসগৃহটো অসম চৰকাৰে সংৰক্ষণ কৰিব ।সেইদৰে কাৰ্বি লাম্পীৰ ২৪ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পটোৰ বাবে আজিৰ কেবিনেটে ৩০০ কোটি টকা অনুমোদন জনায় । তিনি বছৰৰ ভিতৰত প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হ'ব । আনহাতে আজিৰ কেবিনেটে বৃটিছৰ শাসনকালত থকা কেতবোৰ নিয়মৰ অৱসান ঘটায় । পাৰ্টনাৰশ্বিপ এক্টৰ ক্ষেত্ৰত বৃটিছৰ দিনৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰা কেতবোৰ শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেবিনেটে অনুমোদন জনায় ।কেবিনেটে শক্তি বিভাগৰ পেঞ্চনাৰসকলক পেঞ্চন দিয়াৰ বাবে ২৮৪ কোটি টকা মোকলাই দিয়ে । তদুপৰি বিদ্যুৎ ক্ৰয়ৰ বাবে ৰাজসাহায্য হিচাবে ৰাজ্য চৰকাৰে ১৯০ কোটি মোকলাই দিয়ে ।
Comments