গুৱাহাটী,৭ অক্টোবৰ:যোৱা কেইদিনমানৰ পৰা পোহৰলৈ অহা এটা অডিঅ’ ক্লিপক লৈ উত্তপ্ত হৈ পৰিছে পাকিস্তান। শেহতীয়াকৈ প্ৰকাশিত এই অডিঅ’ ক্লিপত পাকিস্তানৰ ফেডাৰেল ইনভেষ্টিগেশ্যন এজেন্সীৰ প্ৰাক্তন সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত উচ্চস্বৰে কথা কোৱাৰ বাবে শৌচাগাৰত আবদ্ধ কৰি ৰখাৰ বিস্ফোৰক তথ্য প্ৰকাশ পাইছে। সেই কাণ্ডটো স্বীকাৰ কৰিছে স্বয়ং এফআইএৰ প্ৰাক্তন সঞ্চালক প্ৰধান বছিৰ মেমনে! এই দাবী পাকিস্তানী সংবাদ মাধ্যমৰ।
জিঅ’ টিভিৰ এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ এজন হেকাৰে একাধিক টুইটৰ জৰিয়তে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ আৰু মেমনৰ মাজত হোৱা বৈঠকৰ বিষয়ে কিছু তথ্য প্ৰকাশ কৰিছে। মেমনে সেই বৈঠকৰ বিষয়ে ইতিমধ্যে স্বীকাৰ কৰিছে । তেওঁ কয় যে পাকিস্তান মুছলিম লীগ (নৱাজ) নেতা মৰিয়াম নৱাজক হাৰাশাস্তি কৰাৰ বিষয়ে ইমৰাণৰ সন্মুখত তেওঁ কিছু উচ্চস্বৰে কথা পাতিছিল। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীৰ তদানীন্তন প্ৰধান সম্পাদক আজম খানে তেওঁৰ হাতত টানি আনি শৌচাগাৰত আবদ্ধ কৰি ৰাখিছিল।
Comments