গুৱাহাটী,৭ অক্টোবৰ: উত্তৰ প্ৰদেশৰ বিভিন্ন চহৰত নতুন ষ্টাইলৰ আৱাস, শ্বপিং মল আৰু দোকান নিৰ্মাণ হ'লেও গাঁতেৰে ভৰা ৰাস্তাই প্ৰাণ কাঢ়ি নিছে বহুতো লোকৰ । ৰাজ্যৰ জৰাজীৰ্ণ পথসমূহ মেৰামতিৰ বাবে এইবাৰ সক্ৰিয় হৈ পৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ । তেওঁৰ কঠোৰ নিৰ্দেশনা অনুসৰি ১৫ নৱেম্বৰৰ ভিতৰত ৰাজ্যৰ পথসমূহৰ সংস্কাৰৰ কাম সম্পূৰ্ণ হ’ব লাগে । কোনো পথত গাঁত থাকিব নোৱাৰিব ।
৮ অক্টোবৰত লক্ষ্ণৌত আয়োজন কৰা হৈছে ‘ইণ্ডিয়ান ৰোড কংগ্ৰেছ’। বৃহস্পতিবাৰে আদিত্যনাথে চৰকাৰী উচ্চপদস্থ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ তেওঁলোকৰ প্ৰস্তুতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। তাত তেওঁ ১৫ নৱেম্বৰৰ ভিতৰত উত্তৰ প্ৰদেশৰ সকলো পথ গাঁতমুক্ত হ’বলৈ নিৰ্দেশ দিয়ে। এই কাম নকৰিলে প্ৰয়োজনীয় ‘ব্যৱস্থা’ গ্ৰহণ কৰিবলৈও সকীয়াই দিয়ে মুখ্যমন্ত্ৰীয়ে । চৰকাৰী বিষয়াসকলৰ সৈতে হোৱা বৈঠকত আদিত্যনাথে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত ৰাজ্যৰ দুৰ্গম গাঁওসমূহতো পকী পথ নিৰ্মাণ কৰা হৈছে। এইবাৰ সেই পথসমূহৰ সঠিক ৰক্ষণাবেক্ষণৰ প্ৰয়োজন।
Comments