গুৱাহাটী,৭ অক্টোবৰ:নিখিল ভাৰত ফুটবল ফেডাৰেচন (AIFF) আৰু চৌদি আৰৱ ফুটবল ফেডাৰেচন (SAFF)ৰ সৈতে এক ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। বৃহস্পতিবাৰে সন্ধিয়া ছৌদি আৰৱৰ দম্মামত অনুষ্ঠিত বুজাবুজি চুক্তিৰ সময়ত উপস্থিত আছিল এ আই এফ এফৰ নৱনিৰ্বাচিত সভাপতি কল্যাণ চাউবে আৰু ফেডাৰেচনৰ সম্পাদক ড০ ছাজী প্ৰভাকৰণ। ছাফৰ সভাপতি ইয়াছিৰ আল-মিছাল আৰু সম্পাদক ইব্ৰাহিম আল কাছিমো আছিল উপস্থিত ।
এই চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ ফুটবল কাৰ্যকলাপে এক নতুন দিশ দেখিবলৈ পাব । য’ত কাৰিকৰী সহায়ৰ সৈতে পুৰুষ আৰু মহিলাৰ বাবে যুৱ পৰ্যায়ত নিয়মীয়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব । তদুপৰি দুয়োখন দেশৰ মাজত ফুটবল ব্যৱস্থাপনা সন্দৰ্ভত মত বিনিময় কৰা হ’ব । সন্তোষ ট্ৰফীৰ দৰে ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপৰ চূড়ান্ত পৰ্যায়ৰ খেল সমূহ অহা বছৰৰ ফেব্ৰুৱাৰী মাহত ছৌদি আৰৱত অনুষ্ঠিত হ’ব । ছৌদি আৰৱৰ নিৰ্বাচিত চহৰসমূহত সন্তোষৰ নক আউট পৰ্যায়ৰ মেচসমূহ অনুষ্ঠিত কৰাটো এআইএফএফ আৰু ছাফে বিচাৰিছে।
Comments