গুৱাহাটী,৬ অক্টোবৰ:টি-২০ ক্রিকেটত ইতিহাস ৰচিলে ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ ৰহকিম কর্ণৱালে। টি ২০ ক্রিকেট জগতৰ সকলো অভিলেখ ভংগ কৰি দ্বিশতক অৰ্জন কৰিলে কেৰিবিয়ান ক্ৰিকেটাৰগৰাকীয়ে। আমেৰিকাৰ আটলান্টা অ'পেন টি-২০ লীগত দ্বিশতক অৰ্জন কৰি প্রথমজন টি-২০ ক্রিকেটাৰৰ কৃতিত্বৰ গৰাকী হয় ৰহকিম। ২৯ বছৰীয়া তাৰকাগৰাকীয়ে ১৭টা চাৰি আৰু ২২টা ছয়ৰ সহায়ত ৭৭টা বলত ২০৫ ৰান সংগ্ৰহ কৰে। যাৰ ফলস্বৰূপে ৰহকিমৰ দল আটলান্টা ফায়াৰ দলে স্কোৱাৰ ড্ৰাইভক ১৭২ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে।
আটলান্টা ফায়াৰে প্রথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ৩২৬ ৰান সংগ্ৰহ কৰে। কৰ্ণৱালৰ ধুমুহাৰ বাহিৰেও ষ্টিভেন টেইলৰে মাত্ৰ ১৮টা বলত ৫৩ ৰানৰ বৰঙনি আগবঢ়াই দলটোক ৩০০ ৰানৰ দেওনা পাৰ কৰায়। প্ৰত্যুত্তৰত গুৰুত্বপূৰ্ণ মেচখনত স্কোৱাৰ ড্রাইভে নিৰ্ধাৰিত অভাৰত ৮টা উইকেট হেৰুৱাই ১৫৪ ৰানতে থমকি ৰ'বলগীয়া হয়। স্কোৱাৰ ড্রাইভৰ হৈ যশৱন্ত বালাজীয়ে সৰ্বাধিক ৩৮ ৰান সংগ্ৰহ কৰাৰ পিছতেই সাই মন্থাই ৩৬ ৰানৰ বৰঙনি আগবঢ়ায়। উল্লেখ্য যে কৰ্ণৱাল হৈছে বিশ্বৰ আটাইতকৈ গধুৰ ক্ৰিকেটাৰ। ৬.৬ ফুট উচ্চতাৰ কৰ্ণৱালৰ ওজন হৈছে ১৪০ কিল'গ্রাম। তেওঁ ৱেষ্ট ইণ্ডিজৰ হৈ তিনিবছৰ পূৰ্বে ভাৰতৰ বিৰুদ্ধে টেষ্টত অভিষেকৰ সুযোগ লাভ কৰিছিল।
Comments