গুৱাহাটী, ৬ অক্টোবৰঃ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই অলপতে আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সাক্ষাৎকাৰ লৈছে। এই সাক্ষাৎকাৰ বৰ্তমান শিৰোনামত আছে, য'ত তেওঁলোক দুয়োজনে কিছুমান বিশেষ বিষয়ৰ ওপৰত কথা পাতিছে যিবোৰ পোনপ্ৰথমবাৰৰ জনসাধাৰণৰ সন্মুখলৈ আহিছে। তেওঁলোক দুয়োজনে তেওঁলোকৰ ভাৰতীয় সম্পৰ্ক, বিবাহৰ সমতা আৰু জলবায়ু পৰিৱৰ্তনৰ বিষয়ে মুকলিকৈ কথা পাতিছিল।
নিক জোনাছক বিয়া কৰাই লছ এঞ্জেলছত বসতি স্থাপন কৰা প্ৰিয়ংকা চোপ্ৰাক ডেমক্ৰেটিক নেচনেল কমিটিৰ মহিলা নেতৃত্ব মঞ্চই যোৱা শুক্ৰবাৰে ফায়াৰচাইড চেটৰ বাবে হেৰিছৰ সাক্ষাৎকাৰ ল'বলৈ আমন্ত্ৰণ জনায়। প্ৰিয়ংকাই কমলা হেৰিছক লগ পাইছিল আৰু তেওঁৰ ভাৰতীয় সংযোগৰ সৈতে বাৰ্তালাপ আৰম্ভ কৰে। প্রিয়ংকাই কমলা হেৰিছক কৈছিল যে, "মই এটা কথা ভাবিছো, আমি দুয়ো ভাৰতৰ কন্যা। আনহাতে মই এজন ভাৰতীয় যাৰ মা-দেউতা চিকিৎসক আৰু মই এই দেশত শেহতীয়াকৈ বসতি স্থাপন কৰা বাসিন্দা, যি এতিয়া আমেৰিকান সপোনত সম্পূৰ্ণৰূপে বিশ্বাস কৰে।"
হেৰিছৰ জন্ম কেলিফৰ্ণিয়াৰ অকলেণ্ডত হৈছিল। তেওঁৰ মাতৃ শ্যামলা গোপালন ভাৰতৰ তামিলনাডুৰ পৰা আমেৰিকালৈ গৈছিল, আনহাতে তেওঁৰ দেউতাক ডনাল্ড জে হেৰিছ জামাইকাৰ পৰা আমেৰিকালৈ আহিছিল। তেওঁ প্ৰথম মহিলা, প্ৰথম কৃষ্ণাঙ্গ আমেৰিকান, আৰু আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম দক্ষিণ এছিয়াৰ আমেৰিকান।
প্ৰিয়ংকা চোপ্ৰা জোনাছে আৰু কৈছিল যে, "আমেৰিকাক সমগ্ৰ বিশ্বৰ বাবে আশা, স্বাধীনতা আৰু পছন্দৰ পোহৰ বুলি গণ্য কৰা হয়। কিন্তু এই নীতিবোৰক এতিয়া একেৰাহে আক্ৰমণ কৰি থকা হৈছে। ২০ বছৰতকৈ অধিক সময় কাম কৰাৰ পিছত, কেৱল এই বছৰত প্ৰিয়ংকাই সহ পুৰুষ তাৰকাসকলৰ সমান মাচুল লাভ কৰিছে।
Comments