গুৱাহাটী,৬ অক্টোবৰ : চলিত ৩৬ সংখ্যক গুজৰাট ৰাষ্ট্ৰীয় ক্রীড়াত আজিৰে পৰা আৰম্ভ হৈছে বক্সিং। অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখৰ খবৰ এয়ে যে আঘাতমুক্ত হৈ গুজৰাট ৰাষ্ট্ৰীয় ক্রীড়াত খেলিবলৈ সাজু হৈছে দেশৰ তাৰকা মহিলা বক্সাৰ অসম কন্যা লাভলীনা বৰগোহাঁয়ে। উল্লেখ্য, টকিতা' অলিম্পিকৰ ব্ৰঞ্জ জয়ী তথা খেলৰত্ন সন্মান লাভ কৰা লাভলীনাই ৭০-৭৫ কিলোগ্রাম শাখাত খেলিব। প্রথমদিনাই ৰিঙত নামিব লাভলীনা। অসম কন্যাৰ প্ৰতিদ্বন্দ্বী বিহাৰৰ নিশি ভাৰদ্বাজ।
উল্লেখ্য, ৰাষ্ট্ৰীয় ক্রীড়াৰ প্ৰাকক্ষণতে আঘাতৰ বাবে প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্যাহাৰ কৰিছিল লাভলীনাই। পাটিয়ালাত হোৱা এছিয়ান চেম্পিয়নশ্বিপৰ বাছনিৰ সময়তে নাকত আঘাত পাইছিল লাভলীনাই। সেয়ে চিকিৎসকে তিনি সপ্তাহৰ জিৰণিৰ পৰামর্শ দিয়ে লাভলীনাক।
কিন্তু শেহতীয়া পৰীক্ষাৰ পিছতে চিকিৎসকৰ পৰা সেউজ সংকেত লাভ কৰি অসমৰ হৈ কেৰিয়াৰৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্রীড়া খেলাৰ বাবে সাজু হৈছে আৰু সেই অনুসৰি বিশ্ব চেম্পিয়নশ্বিপ তথা কমনৱেলথ গেমছৰ হতাশজনক ফলাফলৰ পিছত নতুন আশাৰে সাজু হৈছে অসমৰ ভাৰত গৌৰৱ কন্যা। 'লাভলীনাৰ নাকত এতিয়াও কেপ লগোৱা আছে। কিন্তু চিকিৎসকে খেলাৰ অনুমতি দিছে। পূর্বে অসম বক্সিং সন্থাৰ অনুৰোধত আঘাতপ্রাপ্ত লাভলীনাৰ স্থানত ভাগ্যবতী কছাৰীক ৰাষ্ট্ৰীয় ক্রীড়াৰ অসম দলত লোৱা হৈছিল যদিও এতিয়া ৰাজ্যিক সন্থাৰ অনুমতি অনুসৰি পুনৰ লাভলীনাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ল।
Comments