গুৱাহাটী,৬ অক্টোবৰ:বিজেপিৰ আধিপত্য ৰোধৰ বাবে পুনৰ ভাৰতত গঠন হ'ল আন এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল। এইবাৰ স্বয়ং তেলেংগানাৰ মুখ্যমন্ত্রী তথা তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাৱে গঠন কৰিলে 'ভাৰত ৰাষ্ট্র সমিতি' নামেৰে নতুন ৰাজনৈতিক দল। হায়দৰাবাদস্থিত তেলেংগানা ভৱনত দলীয় নেতা, মন্ত্রী, সাংসদ, বিধায়ক, এম এল চি আৰু জিলা পৰ্যায়ৰ সমন্বয়কৰ এটা কনক্লেভৰ সময়তে আজি এই দল গঠন কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আন কথাত এই ঘোষণাৰ লগে লগে ২০০০ চনতেই গঠন হোৱা তেলেংগানা ৰাষ্ট্ৰীয় সমিতি আঞ্চলিক দলৰ পৰিৱৰ্তে সুদীর্ঘ ২২ বছৰৰ অন্তত ৰাষ্ট্ৰীয় দললৈ ৰূপান্তৰিত হোৱাৰ পথ সুগম হয়। এই উপলক্ষে ২৮০ জনতকৈ অধিক দলীয় কার্যবাহী সদস্য, বিধায়ক, সাংসদে তেলেংগানা ৰাষ্ট্ৰীয় সমিতিক ভাৰত ৰাষ্ট্ৰ সমিতি (বি আৰ এছ)ৰ সৈতে একত্ৰিত কৰাৰ প্ৰস্তাৱ গৃহিত কৰে।
এতিয়া শীঘ্ৰেই ভৱিষ্যৎ পৰিকল্পনা আৰু ৰাষ্ট্ৰীয় ৰাজনীতিত ল'ব বিচৰা ভূমিকা সম্পর্কে ঘোষণা কৰিব মুখ্যমন্ত্ৰী ৰাৱে। উল্লেখ্য, মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলটো গঠনৰ সময়ত জেডি (এছ) ৰ নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী এইচ ডি কুমাৰস্বামী আৰু দলৰ ২০ জন বিধায়কৰ সৈতে উপস্থিত থাকে। সংবাদ সন্থা পি টি আইৰ সৈতে জেডি (এছ)ৰ এজন নেতাৰ সাক্ষাৎকাৰত তেওঁ কয় — 'এই দলটো বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাবে যুঁজ দিয়াৰ বাবে গঠিত হৈছে। মূলতঃ ই বিভিন্ন আঞ্চলিক দলৰ সংমিশ্রণ, যিয়ে নিজৰ ৰাজনৈতিক মতানৈক্যৰ বিপৰীতে একত্ৰিত হ'ব বিচাৰে।
Comments