গুৱাহাটী,৬ অক্টোবৰ: আজি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌস্থিত ইকানা ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া মেচৰ প্ৰথমখন মেচ খেলিব টীম ইণ্ডিয়াই । অৱশ্যে এইবাৰ এই এদিনীয়া শৃংখলাটোত নাথাকিব ৰোহিত শর্মা, বিৰাট কোহলি, ঋষভ পন্ট, সূৰ্য্যকুমাৰ যাদৱৰ দৰে তাৰকা। তেনেস্থলত কেইবাখনো নতুন মুখৰ উদয় হোৱাৰ সম্ভাৱনা আছে। শৃংখলাটোত নেতৃত্ব দিব অভিজ্ঞ তাৰকা বেটাৰ শিখৰ ধৱনে।
অৱশ্যে মেচখনত বতৰে বিধি পথালি দিয়াৰ সম্ভাৱনা আছে। কালি হোৱা এজাক প্রবল বৰষুণৰ ফলত খেলপথাৰখন সেমেকি আছে। ফলত খেলুৱৈসকলে অনশীলন ভালদৰে কৰিব পৰা নাই। এই সন্দৰ্ভত মেনেজমেন্টে জনোৱা অনুসৰি খেলপথাৰৰ পানী নিষ্কাশন ব্যৱস্থাটো বহু উন্নত মানৰ আৰু মাত্র ৩০ মিনিটৰ ভিতৰতে এদিনৰ বৰষুণৰ পানী শুকুৱাই দিব পৰা ক্ষমতা আছে।
যদিহে একেলেথাৰিৰে বৰষুণ হয় তেতিয়াহে সমস্যা হ'ব পাৰে বুলি মন্তব্য কৰে ষ্টেডিয়ামখনৰ পৰিচালনৰ দায়িত্বত থকা উদয় সিনহাই। ঘৰুৱা দলটোত থকা একমাত্র সমস্যাটো হৈছে অপেনিঙক লৈ। ঈশান কিষাণ, সঞ্জু ছেমছন, কতুৰাজ গায়কোৱাৰ্ড আৰু শুভমন গিলৰ ভিতৰত কোনজনে ইনিংছ মুকলি কৰিব সেয়ে লৈ বিপাঙত পৰিছে টীম মেনেজমেণ্ট। এইক্ষেত্ৰত শিখৰ ধৱনৰ লগত ঈশানেই সংগী হ'ব বুলি ইংগিত দিছে শিখৰে। ৰজট পাটিদাৰ আৰু ৰাহুল ত্রিপাঠিৰ মাজত যিকোনো এজনৰ ভাগ্য উদয় হ'ব পাৰে। মিডল অর্ডাৰত শাহবাজ আহমেদে স্থান পাব পাৰে। তেনেদৰে বলিঙতো বেংগলৰ তাৰকা তথা প্রথম শ্রেণী ক্রিকেটত চমক দেখুওৱা মুকেশ কুমাৰে স্থান পাব পাৰে।
Comments