গুৱাহাটী,৬ অক্টোবৰ:ভাৰতীয় সাহিত্যিক হৰ্ষ মন্দৰ, তথ্য পৰীক্ষক মহম্মদ জুবাইৰ আৰু প্ৰতীক সিনহা শান্তিৰ নোবেল বঁটা লাভ কৰাৰ সম্ভাৱ্য নামসমূহৰ ভিতৰত অন্যতম। এই তিনিজন ব্যক্তি নৰৱেৰ ৰাজধানী অছ্লোৰ শান্তি গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালকৰ ব্যক্তিগত তালিকাত আন বহু লোকৰ সৈতে চামিল হৈছে । নৰৱেৰ বিধায়িনী দলৰ সদস্যৰ তালিকাতো আছে প্ৰতীক আৰু জুবাইৰ।
শান্তি গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক হেনৰিক আৰ্ডালৰ তালিকাত আছে হৰ্ষ, প্ৰতীক আৰু জুবাইৰৰ নাম । কোম্পানীটোৰ ৱেবছাইট অনুসৰি এইখন হেনৰিকৰ ব্যক্তিগত তালিকা । কিন্তু কিয় এই তিনিজন ভাৰতীয়ক শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তালিকাত বাছনি কৰা হৈছে? কোৱা হৈছে যে ২০১৭ চনত হৰ্ষে আয়োজন কৰা ‘কৰৱান-ই-মহব্বত’ (প্ৰেমৰ কাৰাভান) অভিযানৰ জৰিয়তে তেওঁ সাম্প্ৰদায়িক হিংসা আৰু সাম্প্ৰদায়িক বিবাদৰ বলি হোৱা লোকসকলৰ কাষত থিয় দিছিল। প্ৰতীক সিনহা আৰু মহম্মদ জুবাইৰৰ ক্ষেত্ৰত কোৱা হৈছে যে এই দুজনে নিজৰ তথ্য অনুসন্ধান প্ৰক্ৰিয়াৰ জৰিয়তে ভুল তথ্য প্ৰচাৰ কৰি দেশত সাম্প্ৰদায়িক হিংসাৰ বিয়পি পৰাৰ বিৰুদ্ধে যুঁজ দিছে।
চলিত বৰ্ষৰ জুন মাহত দিল্লী আৰক্ষীয়ে ২০১৮ চনৰ টুইটৰ জৰিয়তে হিংসাত্মক ঘটনা প্ৰচাৰ কৰাৰ অভিযোগত মহম্মদ জুবাইৰক গ্ৰেপ্তাৰ কৰিছিল। তেওঁ ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈছিল। সেই সময়ত তেওঁক গ্ৰেপ্তাৰৰ বিৰুদ্ধে দেশ-বিদেশৰ বহু সংগঠনে প্ৰতিবাদ কৰিছিল। এমাহৰ বাবে কাৰাগাৰত বন্দী হৈ আছিল। পিছত উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰে।
Comments