Cartoon
View Older
গুৱাহাটী,৬ অক্টোবৰ:থাইলেণ্ডৰ এখন নাৰ্চাৰীত বৃহস্পতিবাৰে দুৰ্বৃত্তৰ গুলীচালনাত প্ৰায় ৩৪ জন লোকে অকাল মৃত্যুক আকোঁৱালি ল’বলগীয়া হয় । উত্তৰ পূৱ থাইলেণ্ডৰ নং বুৱা লাম্ফু প্ৰদেশৰ না ক্লং জিলাত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ৷ এই গুলীচালনাত ২২ টি শিশুৰো মৃত্যু হয় ৷
আৰক্ষী সূত্ৰে জানিব পৰা মতে, শিশু কেন্দ্ৰত গুলীচালনা কৰা লোকজন পানিয়া খামৰাব(৩৪) । তেওঁ এজন প্ৰাক্তন আৰক্ষী বিষয়া ৷ তেওঁ 6 Kor 6499 নম্বৰৰ এখন বগা টয়োটা ভিগো পিকআপ ট্ৰাকত আহিছিল ৷ সম্প্ৰতি আৰক্ষীয়ে প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ৷
Comments