Cartoon
View Older
গুৱাহাটী,৬ অক্টোবৰ:মাজুলীৰ সংগীত জগতৰ উজ্বল প্ৰতিভা তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুক লৈ শোকস্তব্ধ ৰাজ্যবাসী।কিন্তু তেজস্বিতাৰ মৃত্যুৰ পাছতেই এটাৰ পিছত আন এটা অভিযোগ মাজুলীৰ স্বাস্থ্যখণ্ডলৈ ৷ ৰাইজৰ অভিযোগ চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই অকাল মৃত্যুক সাৱটি লৈছে মাজুলীৰ উদীয়মান কণ্ঠশিল্পী তেজস্বিতাই।
এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক দিগন্ত কলিতাই । তেওঁ কয়- "তেজস্বিতাৰ চিকিৎসাত কোনোধৰণৰ গাফিলতি হোৱা নাই, ডাক্তৰে কেতিয়াও ইচ্ছা কৰি ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি নিদিয়ে। মই জনাত ছোৱালীজনীৰ এপিলেপচিও আছিল।তেওঁ লগতে কয় যে, হাস্পতালখনত থকা আটাইকেইজন ডাক্তৰেই PG ডাক্তৰ, যিমানখিনি চিকিৎসা কৰিবলগীয়া হৈছিল সকলো কৰা হৈছে।"
Comments