গুৱাহাটী,৬অক্টোবৰ: ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (Directorate of Revenue Intelligence) জনাইছে যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ আন্তঃৰাষ্ট্ৰীয় সীমা, বিশেষকৈ ম্যানমাৰ আৰু বাংলাদেশৰ সৈতে মিজোৰামক সোণৰ চোৰাং ব্যৱসায়ৰ বাবে ব্যাপকভাৱে ব্যৱহাৰ কৰা হয় ।
ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ (DRI) দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলত শেহতীয়াকৈ সোণ জব্দ কৰা সন্দৰ্ভত এক প্ৰেছ বিবৃতিত বাংলাদেশ আৰু ম্যানমাৰৰ উত্তৰ-পূব সীমান্তৰ মাজেৰে সোণৰ চোৰাং ব্যৱসায় বৃদ্ধি হোৱাৰ ইঙ্গিত দিয়া হৈছে ।
বিবৃতিটোত কোৱা হৈছে, "অতীতত আন্তঃৰাষ্ট্ৰীয় সীমাবোৰ চোৰাং ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰা হৈছিল । কেৱল ২০২২ চনৰ ছেপ্টেম্বৰ মাহতে ১২১ কিলোগ্ৰাম সোণ জব্দ কৰাৰ ১১ টা ঘটনাই দেখুৱাইছে যে উত্তৰ-পূবৰ কৰিডৰটো এতিয়াও চোৰাং ব্যৱসায়ীসকলে গোপনে আৰু বুদ্ধিমত্তাৰে চোৰাং সৰবৰাহৰ বাবে ব্যাপকভাৱে ব্যৱহাৰ কৰি আছে ।"
Comments