Cartoon
View Older
গুৱাহাটী,৬ অক্টোবৰ:২০২২ চনৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা কৰা হৈছে। বৃহস্পতিবাৰে ছুইডেনৰ ষ্টকহমত ছুইডিছ একাডেমীৰ স্থায়ী সচিব মেটছ মালমে ঘোষণা কৰা মতে ২০২২ চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছে ফৰাচী লেখিকা এনি আৰ্নাউৱে। এই ঘোষণাৰ লগে লগে ছুইডেনৰ টেলিভিছনত সাক্ষাৎকাৰ লোৱা ৮২ বছৰীয়া আৰ্নাউৱে ইয়াক অতি মহান সন্মান আৰু এটা বৃহৎ দায়িত্ব বুলি অভিহিত কৰিছে ।
তেওঁৰ ২০ খনতকৈও অধিক গ্ৰন্থ আছে,যিবোৰ কেইবা দশক ধৰি ফ্ৰান্সত স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভু্ক্ত কৰা হৈছে । সেই গ্ৰন্থ সমূহত আধুনিক ফ্ৰান্সৰ সামাজিক জীৱনৰ অন্যতম সূক্ষ্ম, অন্তৰ্দৃষ্টিসম্পন্ন দৃশ্যৰ প্ৰতিফলন হৈছে । এই পুৰস্কাৰৰ বাবে তেওঁ ১০ মিলিয়ন ছুইডেনৰ ক্ৰ’নাৰ (প্ৰায় ৯ লাখ ডলাৰ) নগদ ধন লাভ কৰিব । যএই বঁটা ১০ ডিচেম্বৰত প্ৰদান কৰা হ’ব ।
Comments