Cartoon
View Older
গুৱাহাটী,১০ অক্টোবৰ:অসুস্থ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মা ৷ দেওবাৰে হঠাৎ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মা অসুস্থ হৈ পৰাত ভৰ্তি কৰোৱা হয় বৰপেটা মেডিকেল কলেজ হাস্পতালত ৷ বৰ্তমান বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ গৰাকী ৷
দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত বিভিন্ন ৰোগত আক্ৰান্ত সত্ৰাধিকাৰ গৰাকীক নিয়মীয়াভাৱে চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে ৷ দেওবাৰে হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত বুঢ়াসত্ৰাধিকাৰ গৰাকীক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷বাতৰি যুগুত কৰা পৰলৈকে চিকিৎসকৰ তৎতাৱধানত বিভিন্ন স্বাস্থ্য পৰীক্ষা কৰা হৈছে বুঢ়াসত্ৰাধিকাৰ গৰাকীৰ ৷
Comments