দুলীয়াজানঃ ১০ অক্টোবৰঃ দুলীয়াজানৰ সংবাদকৰ্মী, নাওশলীয়া জালীয়া বস্তিৰ নিৱাসী মৃদুল দাসৰ (৩০ ) আজি অকাল বিয়োগত তৈলনগৰীত শোকৰ ছাঁ পৰিছে। উল্লেখযোগ্য যে বিগত ৩০ আগষ্টত দুলীয়াজানৰ মধুটিঙত তেওঁ এক পথ দুৰ্ঘটনাত পতিত হৈ মৃদুল দাস গুৰুতৰভাৱে আহত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। আজি বিয়লি তেওঁ চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ।
দুলীয়াজান প্ৰেছ ক্লাবৰ সদস্য তথা ভি এণ্ড এচ কেবোল নিউজৰ কেমেৰা পাৰ্চনৰ লগতে দাসে এসময়ত প্ৰাগ নিউজ, ফ্ৰনটিয়াৰ টি ভি,আসাম টক্ছ আদি চেনেলত কেমেৰা পাৰ্চন হিচাপে সেৱা আগবঢ়াইছিল।
মৃদুল দাসৰ মৃত্যুত সন্মিলিত সাংবাদিক মঞ্চ, দুলীয়াজান, দুলীয়াজান প্ৰেছ ক্লাৱ, আপকু ডিব্ৰুগড় জিলাৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত তেওঁ পিতৃ,মাতৃ,ভাতৃ আৰু ভগ্নীৰ লগতে অনেক আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে ।
Comments