দুলীয়াজানঃ ১০ অক্টোবৰঃ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ক্ৰমে টেঙাখাত, দুলীয়াজান আৰু নাহৰকটীয়ালৈ অহা মূল প্ৰৱেশ পথৰ উন্নয়নৰ দাবীত আজি আছুৱে দুলীয়াজানৰ টিংৰাইত মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
সংগঠনটোৰ দুলীয়াজান, নাহৰকটীয়া আৰু টেঙাখাত আঞ্চলিক সমিতিয়ে দিনৰ ১১ বজাৰ পৰা টিংৰাই চাৰিআলিত ৰূপায়ন কৰা মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে অতিশীঘ্ৰে মূল পথচোৱাৰ লগতে তিনিওটা অঞ্চলৰে জৰাজীৰ্ণ পথ সমূহ নিৰ্মাণৰ দাবী জনায়। প্ৰতিবাদস্থলীৰ পৰা টেঙাখাত ৰাজহ চক্ৰ বিষয়াৰ যোগেদি ডিব্ৰুগড় জিলা উপায়ুক্তলৈ যুটীয়া স্বাক্ষৰিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
পত্ৰ খনত উল্লেখ কৰা অনুসৰি দুলীয়াজানৰ প্ৰায়কেইটা পথৰ অৱস্থা একেবাৰে শোচনীয় আৰু জৰাজীৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে । বৰ্তমান লাহোৱালৰ পৰা টিংৰাই চাৰিআলি হৈ বালিজান, আনফালে মাধপুৰ তিনিআলিলৈকে বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি আৰু অকমণ্যতাৰ বাবে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে।
আনহাতে চৰকাৰে এইক্ষেত্ৰত উন্নয়ণৰ ফটা ঢোল বজোৱা বুলি সংগঠনটোৱে আখ্যা দি অতিশীঘ্ৰে পথচোৱা নিৰ্মাণ নকৰিলে ৰাইজৰ সহযোগত তীব্র গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লোৱাৰো হুংকাৰ দিছে ।
Comments