গুৱাহাটী,১০ অক্টোবৰ: টি-২০ বিশ্বকাপলৈ ভাৰতীয় দলত স্থান লাভত ব্যর্থ হোৱাত অনুশোচনাত ভুগিছে অলৰাউণ্ডাৰ শ্বাদুল ঠাকুৰ। ৰাঁচীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়াৰ পূৰ্বে হোৱা সাক্ষাৎকাৰত শ্বাৰ্দুলে তেওঁৰ মাজত এতিয়াও বহুত ক্রিকেট খেলিবলৈ বাকী আছে বুলি মন্তব্য কৰে। বিশেষকৈ হার্দিক পাণ্ডিয়াৰ অনুপস্থিতিত ভাৰতৰ হৈ টি-২০ দলত স্থান লাভ কৰিছিল যদিও তেওঁৰ প্ৰদৰ্শন বৰ ফলপ্ৰসূ নোহোৱাৰ বাবে জাতীয় দলৰ বাদ পৰিছিল শ্বাৰ্দুল।
সময়ৰ সদ্ব্যৱহাৰ কৰাত বিফল হোৱা শ্বাদুলে কয়-আগন্তুক মেচসমূহত গুৰুত্ব দিম। প্রতিজন খেলুৱৈয়ে বিশ্বকাপ জয়ৰ সপোন দেখে। আগন্তুক বৰ্ষত এদিনীয়া বিশ্বকাপৰ বাবে মই প্ৰস্তুতি চলাম। ইফালে দ্বিতীখন মেচ আৰম্ভ হোৱাৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ স্পিনাৰ কেশৱ মহাৰাজে তাৰকাহীন ভাৰতীয় দলটো কেতিয়াও ‘বি’ টীম নহয় বুলি উল্লেখ কৰে। তেওঁ কয় ভাৰতীয় দলত ৰোহিত শৰ্মা আৰু বিৰাট কোহলি নাথাকিলেও শিখৰ ধৱন নেতৃত্বাধীন দলটো বিশ্বমানৰ। ভাৰতৰ ইমান প্ৰতিভা আছে যে আন্তঃৰাষ্ট্ৰীয় মেচৰ বাবে চাৰি পাঁচটা এদিনীয়া দলক নিৰ্বাচিত কৰিব পাৰিব।
Comments