গুৱাহাটী,১০ অক্টোবৰ:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ অক্টোবৰত মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰৈত অৱস্থিত ৮৫৬ কোটি টকাৰ মহাকালেশ্বৰ মন্দিৰ কৰিডৰ উন্নয়ন প্ৰকল্পৰ প্ৰথম পৰ্যায় উদ্বোধন কৰিব ।মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে দেওবাৰে সন্ধিয়া ১১ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া মেগা অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয় । লগতে প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ বাবে নন্দীদ্বাৰৰ পৰা মন্দিৰলৈকে কৰিডৰ চৌহদত অনুষ্ঠিত হ'বলগীয়া বিভিন্ন সাংস্কৃতিক প্ৰদৰ্শনৰ পোছাক অনুশীলন তদাৰক কৰা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ।
উল্লেখ্য, পুৰণি ৰুদ্ৰসাগৰ হ্ৰদৰ চাৰিওফালে ৯০০ মিটাৰতকৈও অধিক দীঘল কৰিডৰ 'মহাকাল লোক' ভাৰতৰ এনে ধৰণৰ সৰ্ববৃহৎ কৰিডৰ হিচাপে নিৰ্মাণ কৰা হৈছে । ইয়াক প্ৰাচীন মহাকালেশ্বৰ মন্দিৰৰ চাৰিওফালে পুনৰ্বিকাশ প্ৰকল্পৰ অংশ হিচাপে পুনৰুজ্জীৱিত কৰা হৈছে । ই হৈছে দেশৰ ১২ টা 'জ্যোতিৰ্লিংগ'ৰ ভিতৰত এটা আৰু ইয়ালৈ সমগ্ৰ বছৰটোতেই ভক্তৰ আগমন ঘটে ।
Comments