Cartoon
View Older
গুৱাহাটী,১০ অক্টোবৰ:পুনৰ জনসাধাৰণৰ মূৰত ৰামটাঙোন চৰকাৰৰ।পুনৰ বৃদ্ধি পালে চিটী বাছৰ ভাড়া।পৰিবহন বিভাগে সংগোপনে বৃদ্ধি কৰিলে বাছৰ ভাড়া।কোনেও গম নোপোৱাকৈ ১৪ ছেপ্তেম্বৰতে এক নিৰ্দেশনাযোগে ভাড়া বৃদ্ধি কৰে পৰিবহন বিভাগে।এতিয়াৰে পৰা চিটীবাছৰ সৰ্বাধিক ভাড়া হ’ব ৩০ টকা।
৫ কিলোমিটাৰলৈ যাত্ৰা কৰিলে এতিয়াৰে পৰা বাছৰ ভাড়া হ’ব ১০ টকা।৫ ৰ পৰা ৯ কিলোমিটাৰলৈ যাত্ৰা কৰিলে দিব লাগিব ১৫ টকা।৯ ৰ পৰা ১৩ কিলোমিটাৰলৈ যাত্ৰা কৰিলে দিব লাগিব ১৮ টকা।১৩ ৰ পৰা ১৭ কিলোমিটাৰলৈ যাত্ৰা কৰিলে ভাড়া হ’ব ২২ টকা।১৭ ৰ পৰা ২১ কিলোমিটাৰলৈ যাত্ৰা কৰিলে ভাড়া দিব লাগিব ২৬ টকা।২১ ৰ পৰা ২৫ কিলোমিটাৰলৈ যাত্ৰা কৰিলে দিব লাগিব ৩০ টকা ভাড়া।আনহাতে ২৫ কিলোমিটাৰতকৈ অধিক যাত্ৰা কৰিলে প্ৰতি কিলোমিটাৰত বৃদ্ধি হ’ব ১ টকাকৈ ভাড়া।
Comments