গুৱাহাটী, ১০ অক্টোবৰঃ মূল তিনি উপাদান- ন্যায়, অহিংসা আৰু বহনক্ষম ভৱিষ্যত অবিহনে শান্তি কেতিয়াও সাৰ্থক হ'ব নোৱাৰে। গান্ধীবাদী শান্তি অধ্যয়ন আজি আটাইতকৈ প্ৰাসঙ্গিক কাৰণ হিংসাক বুজিবলৈ গান্ধীজীৰ দৃষ্টিভঙ্গী মতে কেৱল প্ৰত্যক্ষ হিংসাৰ ৰূপবোৰক আঁতৰাই দিয়াই নহয়, দৰিদ্ৰতা, প্ৰদূষণ, দুৰ্নীতি আদি পৰোক্ষ ৰূপবোৰো আঁতৰাই দিব লাগিব। সোমবাৰে গান্ধী কিং ফাউণ্ডেচন, হায়দৰাবাদৰ সভাপতি অধ্যাপক প্ৰসাদ গোলানাপল্লীয়ে এই কথা উল্লেখ কৰে। ইউ এছ টি এমত তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ এইদৰে কয়। এছিয়া পেচিফিক পিচ ৰিচাৰ্ছ এছ'চিয়েশ্যনে ইণ্ডিয়ান পলিটিকেল ছায়েন্স এছ'চিয়েশ্যন আৰু ইউ এছ টি এমৰ সহয়োগত আয়োজন কৰা এই সন্মিলনত জাৰ্মানীকে ধৰি, দক্ষিণ আফ্ৰিকা, ইণ্ডোনেছিয়া, ইথিওপিয়া, নেপাল, বাংলাদেশ, তুৰস্ক আদি বিশ্বৰ কেইবাখনো দেশৰ প্ৰতিনিধি আৰু অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছে।
মুখ্য অতিথিৰূপে উপস্থিত থাকি ভাষণত অধ্যাপক গোলানাপল্লীয়ে আৰু কয় যে, "সকলো মানুহ সমান হ'লেহে শান্তি সম্ভৱ হ'ব আৰু শান্তিৰ প্ৰসাৰৰ বাবে শিক্ষা অপৰিহাৰ্য।" ইয়াৰ লগতে, সন্মিলনৰ মুকলি সভাত গান্ধী তথ্য কেন্দ্ৰ, বাৰ্লিন, জাৰ্মানীৰ অধ্যাপক ক্ৰিষ্টিয়ান বাৰ্টফে, ড০ আচলাম খান, ড০ মনীষ শৰ্মা, ড০ শ্ৰী নুৰিয়ান্তি, সহ-মহাসচিব, অনুপ্ৰাস, জাকাৰ্টা, ইণ্ডোনেছিয়া, মহব্বুল হক, উপাচাৰ্য, ইউ এছ টি এম আৰু ড০ লেবান ছেৰ্টো, সঞ্চালক চেণ্টাৰ ফৰ পিচ এডুকেশ্যন, মণিপুৰ আদিয়ে ভাষণ প্ৰদান কৰে।
ইপিনে, মহব্বুল হকে ইউ এছ টি এমলৈ আহি সন্মিলনৰ প্ৰাসঙ্গিক বিষয়ত নিজৰ জ্ঞানৰ আদান প্ৰদান কৰাৰ বাবে সন্মিলনৰ সকলো অতিথি আৰু অংশগ্ৰহণকাৰীক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু ইয়াৰ জৰিয়তে ছাত্ৰ সমাজৰ জ্ঞান আহৰণৰ দিশটো সমৃদ্ধ হয় বুলি মন্তব্য কৰে।
এই সন্মিলনৰ মূল বিষয়সমূহ হ'লঃ
~ এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি আৰু নিৰাপত্তাৰ বাবে প্ৰত্যাহ্বান
~ উদ্ভাৱন আৰু শান্তি আৰু ন্যায়ৰ প্ৰসাৰৰ উপায়
~ কলা, প্ৰদৰ্শন আৰু সৃষ্টিশীল পদ্ধতিৰে শান্তি সম্প্ৰীতি গঢ়ি তোলা
~ ধৰ্ম, শান্তিপূৰ্ণ বিশ্বৰ বাবে আধ্যাত্মিকতা আৰু সাংস্কৃতিক চেতনা
~ জলবায়ু ন্যায়, ন্যায়সঙ্গত পৰিৱৰ্তন
~ খিলঞ্জীয়া লোকৰ জীৱন/জীৱিকাৰ সুৰক্ষা আৰু থলুৱা লোকৰ সমস্যাসমূহ
~ লিঙ্গ আৰু শান্তি
~ ক'ভিড-১৯ৰ সময়ত মানৱ অধিকাৰ
~ সংবাদ মাধ্যম আৰু শান্তি সাম্বাদিকতাৰ ভূমিকা
~ শৰনাৰ্থী আৰু প্ৰব্ৰজনৰ বিভিন্ন গতি-বিধি আৰু মানুহৰ গতি-বিধি
~ মহামাৰী আৰু স্বাস্থ্যকে ধৰি বিভিন্ন নীতি প্ৰশাসন, অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক নীতি
~ ক্ষমতাৰ গতিশীলতা আৰু বিশ্ব-বিন্যাস সলনি কৰা
ইউ এছ টি এমৰ স্থানীয় সাংগঠনিক সম্পাদক ড০ মঃ নাজিৰ হুছেইনৰ সলাগৰ শৰাইৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী সভাৰ সামৰণি পৰে।
Comments