গুৱাহাটী,১০ অক্টোবৰ:অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই অৰুণাচল প্ৰদেশৰ মন্ত্ৰী মামা নাটুঙৰ সৈতে আজি গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধানৰ উদ্দেশ্যৰে গঠিত আঞ্চলিক সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে ।
বিগত ছেপ্তেম্বৰ মাহত মন্ত্ৰী দুগৰাকীৰ নেতৃত্বত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিৰ সদস্য সকলে অসমৰ বিশ্বনাথ আৰু অৰুণাচলৰ পাকে কিচাং জিলাৰ মাজৰ বিবদমান চাৰিখন গাঁও পৰিভ্ৰমণ কৰাৰ পাচত আজিৰ বৈঠকত সমিতিৰ চুড়ান্ত প্ৰতিবেদন প্ৰস্তুতৰ বাবে বিষদভাৱে আলোচনা কৰা হয় । বৈঠকত বালিচ’, দিপিক, পাচ’ আৰু দিকালমুখ, এই গাঁওকেইখন পৰিভ্ৰমণৰ সময়ত স্থানীয় ব্যক্তিসকলৰ সৈতে হোৱা বাৰ্তালাপ আৰু তেঁওলোকৰ ইচ্ছা-অনিচ্ছাৰ বিষয়ে আলোচনা কৰা হয় ।
আনহাতে চাৰিওখন গাঁও মূলত বনাঞ্চল অংশত পৰাৰ বাবে সমিতিয়ে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অপাৰগতা প্ৰকাশ কৰি ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীৰ জড়িয়তে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণৰ ওপৰত গুৰুত্ব দিয়ে । এই ক্ষেত্ৰত বালিচ’, দিপিক আৰু দিকালমুখৰ স্থানীয় বাসিন্দাই অৰুণাচল প্ৰদেশৰ লগত থকাৰ বাবে ইচ্ছা প্ৰকাশ কৰা আৰু পাচ’ গাঁওৰ অৰ্ধেক বাসিন্দাই অসমৰ সৈতে থাকিবলৈ ইচ্ছা প্ৰকাশ কৰা বিষয়টো সমিতিৰ প্ৰতিবেদনত উল্লেখ কৰাৰ ওপৰত গুৰুত্ব দিয়া হয় ।
বৈঠকৰ পাছত অৰুণাচলৰ মন্ত্ৰী মামা নাটুঙৰ সৈতে উপস্থিত সাংবাদিকক সম্বোধন কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, দুয়োজন নেতাই ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে তৎপৰ আৰু ইয়াৰ বাবেই নামচাইত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ পৰ্যায়ৰ বৈঠকত কেইবাখনো আঞ্চলিক সমিতি গঠন কৰি দিয়া হৈছিল ।
চুবুৰীয়াৰ সৈতে কাজিয়া পেচাল কৰি আমি কোনো শান্তিৰে থাকিব নোৱাৰো বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আমি সকলো একেলগে থাকিবই লাগিব । আনহাতে ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী দুগৰাকীৰ আন্তৰিক সদিচ্ছাৰ বাবে অতি সোনকালেই ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধান কৰি সীমান্ত অঞ্চলৰ উন্নয়ন সুনিশ্চিত কৰিব পৰা যাব বুলিও আশা প্ৰকাশ কৰে মন্ত্ৰী হাজৰীকাই ।
মন্ত্ৰী হাজৰীকাই লগতে কয় যে বিশ্বনাথ আৰু অৰুণাচলৰ পাকে কিচাং জিলাৰ চাৰিখন বিবদমান গাঁও ক্ৰমে দিকালমুখ, দিপিক, বালিচ’ আৰু পাচ’ৰ ভিতৰত প্ৰথম তিনিখন গাঁৱৰ সকলো বাসিন্দাই অৰুণাচল প্ৰদেশৰ লগত থকাৰ ইচ্ছা প্ৰকাশ কৰাৰ বিপৰীতে পাচ’ৰ অৰ্ধেক মানুহে অসমৰ লগত থকাৰ ইচ্ছা প্ৰকাশ কৰিছিল । আঞ্চলিক সমিতিৰ চৰজমীন তদন্তৰ কালচোৱাত হোৱা এনে অভিজ্ঞতাৰ ভিত্তিতেই আজিৰ বৈঠকখনত প্ৰতিবেদনৰ চুড়ান্ত ৰূপ প্ৰদান কৰা হয় আৰু পৰৱৰ্তী সময়ত এই প্ৰতিবেদন ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰীক দাখিল কৰা হ’ব বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে ।
Comments