গুৱাহাটী,১১ অক্টোবৰ:প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সাত দশক পূর্বে ভাৰতৰ বনাঞ্চলৰ পৰা নোহোৱা হৈ যোৱা চিতাক পুনৰ উভতাই আনিছিল ৷ ১৯৫২ চনত চৰকাৰী পঞ্জীত ‘বিলুপ্ত’ বুলি ঘোষণা কৰা এছিয়াটিক চিতাৰ ৰিক্ততা পূৰণৰ বাবে নামিবিয়াৰ পৰা অনা হৈছিল আফ্ৰিকান চিটা। এইবাৰ প্ৰাক্তন ছোভিয়েট ইউনিয়নৰ দেশ কাজাখস্তানে মোদী চৰকাৰৰ কাৰ্যসূচী অনুকৰণ কৰিছে। ৭০ বছৰ পূৰ্বে বিলুপ্ত হোৱা বাঘবোৰ ঘূৰাই আনিবলৈ ৰাছিয়াৰ কাষ চাপিছে কাজাখস্তান।
২০ শতিকাৰ আৰম্ভণিতে কাজাখস্তানৰ বিশাল অঞ্চলত বাঘৰ এটা প্ৰজাতি কেছপিয়ান বাঘে বাস কৰিছিল। কিন্তু চিকাৰ আৰু বাসস্থান ধ্বংসৰ বাবে ইহঁত বিলুপ্ত হৈ পৰিল। ২০০৩ চনত বিশ্বৰ পৰা এই উপপ্ৰজাতিৰ বাঘৰ বিলুপ্তি ঘোষনা কৰা হৈছিল। সেয়েহে বিকল্প হিচাপে এইবাৰ কাজাখস্তান চৰকাৰে ৰাছিয়াৰ পৰা চাইবেৰিয়ান (আমুৰ) উপপ্ৰজাতিৰ বাঘ আনিবলৈ আলোচনা আৰম্ভ কৰিছে। এই সন্দৰ্ভত বন্যপ্ৰাণী বিশেষজ্ঞসকলৰো সহায় লোৱা হৈছে।আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী সংৰক্ষণ সংস্থা ডব্লিউ ডব্লিউ এফৰ ৰাছিয়াৰ দায়িত্বত থকা বিষয়া গ্ৰেগৰী মাজমনিয়ান্টছৰ মতে, কেইবছৰমান পূৰ্বে কাজাখস্তান চৰকাৰে এই সন্দৰ্ভত তেওঁলোকৰ সৈতে যোগাযোগ কৰিছিল। ইয়াৰ পিছত চাইবেৰিয়াৰ বাঘৰ পুনৰুদ্ধাৰৰ বাবে বালকাচ হ্ৰদ আৰু ইলি নদীৰ পাৰৰ দুটা বনাঞ্চল বাছনি কৰা হয়। কাজাখস্তানে বাঘ আনিবলৈ ৰাছিয়াৰ সৈতে এক বুজাবুজি চুক্তিও স্বাক্ষৰ কৰে। কিন্তু তাৰ পিছত কামটো আগবাঢ়িব নোৱাৰিলে। শেহতীয়াকৈ কাজাখস্তান চৰকাৰে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে।
Comments