গুৱাহাটী,১১ অক্টোবৰ: নতুনকৈ পদত্যাগ কৰা অৰবিন্দ কেজৰিৱালৰ কেবিনেট সদস্য ৰাজেন্দ্ৰ পাল গৌতমক ধৰ্মান্তৰ সভাত হাজিৰ হোৱাৰ সময়ত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত সোমবাৰে দিল্লী আৰক্ষীয়ে জাননী জাৰি কৰে। জাননীখনত আম আদমী পাৰ্টীৰ বিধায়ক ৰাজেন্দ্ৰক মঙলবাৰে থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে ।
যোৱা বুধবাৰে দিল্লীত অনুষ্ঠিত এক গণ ধৰ্মান্তৰকৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৰাজেন্দ্ৰই । এটা ভাইৰেল ভিডিঅ’ত তেওঁ কৈছিল, “ব্ৰহ্ম, বিষ্ণু, মহেশ্বৰৰ ওপৰত আৰু বিশ্বাস নাই । মই সিহঁতক পূজাও নকৰো। ৰাম-কৃষ্ণৰ ওপৰত মোৰ কোনো বিশ্বাস নাই "।
এই বিতৰ্কৰ বাবে দেওবাৰে দিল্লীৰ সমাজ কল্যাণ মন্ত্ৰী ৰাজেন্দ্ৰই পদত্যাগ কৰে। ইয়াৰ লগতে দলীয় নেতাজনে দলক ক্লীন চিট দি কয় যে, "মই সেই কাৰ্যসূচীত উপস্থিত থাকিম বুলি মুখ্যমন্ত্ৰী কেজৰিৱালক জনোৱা নাছিলো। আনকি তেওঁক এই বিষয়ে অৱগত কৰা হোৱা নাছিল।" দিল্লী আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, ৰাজেন্দ্ৰই ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত তেওঁৰ ব্যাখ্যা বিচাৰি এখন জাননী প্ৰেৰণ কৰা হৈছে।
Comments