গুৱাহাটী, ৯ অক্টোবৰ:পঞ্চতাৰকা হোটেল সদৃশ ৰাজ্যিক বিজেপিৰ আজি মুকলি হোৱা নৱ নিৰ্মিত মুখ্য কাৰ্যালয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । গুৱাহাটীৰ নিজৰাপাৰস্থিত বাসভৱনত আজি আয়োজন কৰা এখন সংবাদমেলত বিধায়ক গগৈয়ে কয় যে ক'ভিডৰ পিছত মানুহ চলিব নোৱাৰা হৈছে,তেনেস্থলত বিজেপিয়ে প্ৰায় ৩৫ কোটি টকা ব্যয় সাপেক্ষে কাৰ্যালয় মুকলি কৰিছে ।তেওঁ কয় যে বিজেপিয়ে এই পৰ্যন্ত চাৰিটা কাৰ্যালয় উদ্বোধন কৰিছে । যোৱা ২ এপ্ৰিলত ভি আই পি ৰোডত আৰ এছ এছৰ কাৰ্যালয় সুদৰ্শনালয়,২৯ আগষ্টত উজানবজাৰত বিজেপিৰ উত্তৰ-পূবৰ কাৰ্যালয়, ৪ জুলাইত ছয়মাইলত একল' ভৱন আৰু আজি বশিষ্ঠত ৰাজ্যিক কাৰ্যালয় উদ্বোধন কৰিছে বিজেপিয়ে ।
বিজেপিৰ পঞ্চতাৰকা হোটেল সদৃশ কাৰ্যালয়ক লৈ সৰৱ হৈ পৰা বিধায়ক অখিল গগৈয়ে লগতে কয় যে দলীয় কৰ্মকৰ্তাৰ বাবে বিজেপিয়ে ৪০খন বলেৰ' আৰু ৮খন স্ক'ৰপিঅ' বাহন বিতৰণ কৰিছে । এই ধন ক'ৰ পৰা কেনেকৈ আহিছে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে কেনেকৈ এটা শাসক দলে ৭ বছৰ শাসন কৰিয়ে এটাৰ পিছত এটা বিয়াগোম কাৰ্যালয় নিৰ্মাণ কৰিছে । তেওঁ পুনৰ কয় যে অসমৰ ৩১.৬ শতাংশ পৰিয়ালৰ পকী ঘৰ আৰু বাকী সকলো কেঁচা ঘৰ।
যিখন ৰাজ্যত মানুহৰ থাকিবলৈ এটা ভাল ঘৰ নাই সেইখন ৰাজ্যত বিজেপিয়ে অট্টালিকা নিৰ্মাণ কৰি গৈছে ।উদ্বোধনী অনুষ্ঠানলৈ অহা বিজেপিৰ বহু কাৰ্যকৰ্তাৰে ঘৰ চাগে কেঁচা বুলি তেওঁ কয় । বশিষ্ঠৰ যিখিনি ঠাইত বিজেপিৰ পঞ্চতাৰকা সদৃশ কাৰ্যালয় নিৰ্মাণ কৰিছে সেই মাটিখিনি জলসম্পদ বিভাগৰ ।
নদী গৱেষণাৰ এক কেন্দ্ৰৰ কাৰণে সংৰক্ষিত আছিল মাটিখিনি । কিন্তু শাসক দলে সেই ভূমিখিনি হস্তগত কৰিলে । যিসময়ত গৃহমন্ত্রী অমিত শ্বাহে বানমুক্ত অসমৰ বৈঠক কৰিছে সেই সময়ত জলসম্পদ বিভাগৰ মাটি গাৰ জোৰেৰে কাঢ়ি চৰকাৰৰ সহযোগত দলীয় কাৰ্যালয় নিৰ্মাণ কৰা হৈছে । তেওঁ কয় যে ভাৰতবৰ্ষৰ আটাইতকৈ বেপাৰী দলটোৱে পঞ্চতাৰকাযুক্ত কাৰ্যালয় নিৰ্মাণ কৰিছে ।
অসমৰ বাস্তৱ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে ২০২০ বৰ্ষত ৩,২৪৩ জন লোকে আৰু ২০২১ চনত ৩,৩০২ গৰাকী লোকে আত্মহত্যা কৰিছে ।আজিৰ তাৰিখত ২৫০ টকীয়া বৃদ্ধ পেঞ্চন, ৩০০ টকীয়া বিধৱা পেঞ্চনক লৈ হাহাকাৰ কৰিছে অসমৰ দৰিদ্ৰ লোকে । সেই সময়ত এবছৰৰ ভিতৰত চাৰিটা পঞ্চতাৰকা সদৃশ কাৰ্যালয় নিৰ্মাণ কৰিছে । এয়া পৃথিৱীৰ ভিতৰতে ৰাজনৈতিক আদৰ্শৰ অধঃপতন বুলি তেওঁ কয় ।
তেওঁ কয় যে বিজেপিৰ কোনো আদৰ্শ নাই । মাজুলীৰ শিশুশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে অসমত এখন ভাল হাস্পতাল নাই, কিন্তু কোটি টকাৰ কাৰ্যালয় আছে । তেজস্বিতা বৰুৱা বা মাজুলীবাসীৰ বাবে অক্সিজেন নাই যদিও কেৱল কাৰ্যালয় নিৰ্মাণৰ বাবে ৩৫ কোটি টকা খৰচ কৰিছে বিজেপিয়ে ।
তাৰ পিছতো যদি এই দলে দুখীয়াৰ কথা চিন্তা কৰোঁ বুলি কয় তেন্তে ইয়াতকৈ আৰু ভণ্ড দল কতো নাই বুলি তেওঁ কয় ।বিধায়ক গগৈয়ে অভিযোগ কৰি কয় যে বিজেপিৰ কোনো ৪২ লাখ কাৰ্যকৰ্তা নাই আৰু কোনো ৪২ লাখ কাৰ্যকৰ্তাই কাৰ্যালয় নিৰ্মাণ কৰাৰ বাবে বৰঙণি দিয়া নাই ।
Comments