Cartoon
View Older
গুৱাহাটী,৯ অক্টোবৰ:বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে এৰিলে কংগ্ৰেছৰ সকলো বিষয়বাব । শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কংগ্ৰেছ সাংসদগৰাকীৰ । কংগ্ৰেছৰ মুখপাত্ৰ তথা আন সকলো পদবীৰ পৰা পদত্যাগ কৰে সাংসগৰাকীয়ে ।
সাংসদগৰাকীয়ে জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অব্যাহতি লয় সকলো পদবীৰ পৰা । টুইটযোগে এই কথা সদৰী কৰিলে সাংসদ আব্দুল খালেকে । ভাৰতীয় জাতীয় কংগ্ৰেছৰ নির্বাচনী অধিসূচনা অনুসৰি তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সকলো পদবীৰ পৰা পদত্যাগ কৰা বুলি প্ৰকাশ কৰে ।
Comments