গুৱাহাটী, ৯ অক্টোবৰ: তিনিদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে অসমলৈ আহিছে গৃহমন্ত্ৰী অমিত শ্বাহ ৷ অসম ভ্ৰমণত ইতিমধ্যেই বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে ৷ আজি গৃহমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ তৃতীয়টো দিন । কটকটীয়া নিৰাপত্তাৰ মাজেৰে আজি নীলাচলৰ শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হয় গৃহমন্ত্ৰীগৰাকী ।
শক্তিপীঠ কামাখ্যাত উপস্থিত হৈ মা কামাখ্যাৰ চৰণত বিশেষ পূজা আগবঢ়ায় আশিস ল’লে অমিত শ্বাহে । মন্দিৰ প্ৰাংগনত গৃহমন্ত্ৰীক প্ৰত্যক্ষ কৰিবলৈ ভিৰ কৰে বহু দৰ্শনাৰ্থীয়ে ৷ লগতে ‘ভাৰত মাতা কী জয়’ আৰু ‘জয় শ্ৰী ৰাম’ ধ্বনি দিয়াও পৰিলক্ষিত হয় একাংশ দৰ্শনাৰ্থীয়ে।
উল্লেখ্য যে, কামাখ্যা মন্দিৰ দৰ্শনৰ সময়ছোৱাত গৃহমন্ত্ৰীজনক সংগ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইফালে কামাখ্যাত আশিস লৈ পৰৱৰ্তী কাৰ্যসূচীলৈ ৰাওনা হয় গৃহমন্ত্ৰীগৰাকী ।
Comments